তিনিচুকীয়া,26মাৰ্চ: মটক জনগোষ্ঠীয় ৰাইজক বিজেপিৰ মিত্রজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাবলৈ আহ্বান মটক স্বায়ত্ত পৰিষদৰ । তিনিচুকীয়াত এখন সংবাদ মেলৰ জৰিয়তে এই আহ্বান জনায় মটক স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুৰজ গোহাঁইৰ লগতে অন্যান্য নেতৃবৃন্দই । মটক জনগোষ্ঠীৰ দীৰ্ঘদিনিয়া দাবী মটক জনগোষ্ঠীক স্বায়ত্ত শাসন প্ৰদান কৰা, এই দাবীটো বিগত কোনো এখন চৰকাৰেই গুৰুত্ব দিয়া নাছিল কিন্তু বিজেপি মিত্ৰজোঁট চৰকাৰে মটক জনগোষ্ঠীক সন্মান জনাই স্বায়ত্ত শাসন প্ৰদান কৰে । লগতে মটক জনগোষ্ঠীৰ অন্য এটা গুৰুত্বপূৰ্ণ দাবী জনজাতিকৰণ প্ৰদান কৰা ।
এই দাবীটোও অহা ২০২৫ চনৰ ভিতৰত মটক জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু বিজেপি চৰকাৰৰ ৫ বছৰীয়া শাসন কালত মটক জনগোষ্ঠীৰ বাবে ১২৫ কোটি টকা বিশেষ পেকেজ প্ৰদান কৰি মটক জনগোষ্ঠীক সন্মান প্ৰদান কৰিছে বুলি মন্তব্য কৰে।
অসমৰ ৭ খনকৈ জিলাৰ মটক জনগোষ্ঠীয় ৰাইজক বিজেপি মিত্ৰজোঁটক ভোট প্ৰদান কৰিবলৈ আহ্বান মটক স্বায়ত্ত পৰিষদৰ ৷ ইফালে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত বৰ্তমান নাগৰিকত্ব সংশোধনী আইন ২০১৯ উচ্চতম ন্যায়ালয়ৰ আউতাত আছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত ইয়াৰ সন্দৰ্ভত কোনো মন্তৱ্য প্ৰদান নকৰো বুলি অৱগত কৰে সংগঠনটোৱে ।
লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন