ETV Bharat / state

আপাৰ দিহিং বনাঞ্চলত অবাধ বন ধংসযজ্ঞ; নিমাত বন বিভাগ ! - গ্ৰীণ বাৰ্ড ছ'চাইটি

ধ্বংসৰ গৰাহত আপাৰ দিহিং বনাঞ্চল (massive forest destruction at Upper Dihing reserve forest) ৷ গছ কাটি তহিলং কৰিছে বন মাফিয়াই ৷ গুৰুত্ব নাই ডিগবৈ বন সংমণ্ডলৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও দিছে গা এৰা মন্তব্য ৷ সবিশেষ এই প্ৰতিবেদনত...

massive forest destruction at Upper Dihing reserve forest
আপাৰ দিহিং বনাঞ্চলত বন ধ্বংস অব্যাহত
author img

By

Published : Jan 6, 2022, 7:35 PM IST

তিনচুকীয়া, 6 জানুৱাৰী : পৰিৱেশ বিনষ্ট হ’লে বা পৰিৱেশ প্ৰদূষিত হ’লে কোনো এটা পৰিস্থিতি তন্ত্ৰত থকা জীৱসমূহৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰে । এনে ক্ষেত্ৰত প্ৰকৃতি সুৰক্ষাত যেন ব্যৰ্থ হৈছে অসম চৰকাৰৰ বন বিভাগ । বনদস্যুৱে নিতৌ ডিগবৈ বন সংমণ্ডলৰ আপাৰ দিহিং বনাঞ্চল পৰা শ শ মূল্যবান গছ কাটি চলাই আহিছে বন ধংস (massive forest destruction at Upper Dihing reserve forest)।

আপাৰ দিহিং বনাঞ্চলত বন ধ্বংস অব্যাহত

বৰহোলোং, শিলিখাকে আদি কৰি বহু মূল্যবান গছ অত্যাধুনিক মেচিনেৰে মুক্তভাৱে এফালৰ পৰা কাটি তহিলং কৰিছে আপাৰ দিহিং বনাঞ্চল (Uppar Dihing Reserve Forest)। কিন্তু ইয়াৰ পিছতো কাণ সাৰ নাই ডিগবৈ বন সংমণ্ডল বিষয়াৰ । প্ৰকৃতি প্ৰেমী বেচৰকাৰী সংগঠন গ্ৰীণ বাৰ্ড ছ'চাইটি (Green Bird Society)য়ে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে অভিযোগ দি আহিছে যদিও গছ কটা প্ৰতিৰোধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷

তাৰোপৰি ডিগবৈ বন সংমণ্ডলৰ বিষয়া টি চি ৰঞ্জিত ৰামে বিষয়টোক লৈ কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে ।

যাৰ বাবে আপাৰ দিহিং বনাঞ্চলত অবাধ হাৰত নিতৌ চলি আছে বন ধংস । বন বিভাগৰ একাংশ উচ্চ পদস্থ বিষয়াৰ লগত থকা গোপন বুজাবুজিৰ বাবেই অসাধু চক্ৰই এনেদৰে অবাধ হাৰত বন ধ্বংস যজ্ঞ চলাই যাবলৈ সক্ষম হৈছে ৷ এই অভিযোগ তৰিছে প্ৰকৃতিকৰ্মী সকলে ৷

আনহাতে, ৫ জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডিগবৈ ভ্ৰমণৰ সময়ত বনাঞ্চলখনত হৈ অহা বন ধ্বংস কাৰ্যৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে অৱগত নহয় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । থলুৱা সকলে কিবা এটা কৰিলে তাতো সমস্যা আৰু নকৰিলেও সমস্যা বুলি কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়টোৰ পৰা ফালৰি কটাহে পৰিলক্ষিত হয় ।

এতিয়া প্ৰশ্ন হয়, কাৰ ছত্ৰ ছাঁয়াত অসাধু চক্ৰই বিনা বাধাৰে চলাই গৈছে এই বন ধংস কাৰ্য ? সংস্থাপন দিয়াৰ নামত চৰকাৰে থলুৱা লোকক বন ধংস কাৰ্যৰ লগত জড়িত হ’বলৈহে দিছে নেকি উদগনি ? এই সকলোবোৰ উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক: Jiadhal Reserve Forest Destruction : ধ্বংসৰ মুখলৈ গতি ধেমাজিৰ জীয়াঢল সংৰক্ষিত বনাঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.