মাৰ্ঘেৰিটা, 20 জুনঃ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । চাকৰি দিয়াৰ প্ৰলোভনেৰে চিকিৎসক গৰাকীয়ে যুৱতী এগৰাকীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ তুলিছে স্বয়ং যুৱতী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালে ৷
মাৰ্ঘেৰিটা কেন্দ্ৰীয় চিকিৎসালয়ৰ চিকিৎসক সঞ্জীৱ সোণোৱাল নামৰ চিকিৎসকজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ যুৱতীগৰাকী আৰু তেওঁৰ আত্মীয়ৰ ভাষ্য অনুসৰি চিকিৎসকজনে তেওঁক চাকৰিৰ বাবে নিমন্ত্ৰণ কৰে আৰু তেওঁক ভিন্ন ধৰণে আপত্তিজনক প্ৰস্তাৱ দিয়ে ৷ Whastapp যোগে দিয়া আপত্তিজনক মেছেজৰ প্ৰস্তাৱৰ প্ৰমাণ আছে বুলি যুৱতী গৰাকীয়ে দাবী জনায় ৷
এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসকজনৰ মাৰ্ঘেৰিটা চাংলাং তিনিআলিস্থ কোৱাৰ্টাৰত সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । যুৱতীগৰাকীৰ পৰিয়াল আৰু একাংশ লোক উপস্থিত হৈ ইয়াৰ জবাবদিহি কৰাৰ বাবে চিকিৎসকজনৰ ঘৰলৈ আহে । চিকিৎসক জনে দুজন মধ্যস্থতাকাৰী পঠাই ঘটনাটো গাপ দিবলৈ অপচেষ্টা কৰে যদিও ব্যৰ্থ হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়কঃ ধেমাজিত এটা পৰিয়ালক বিচাৰি হাহাকাৰ প্ৰশাসনৰ