ETV Bharat / state

Child abuse in Digboi: বন কৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগত এজনক জেল হাজোতলৈ প্ৰেৰণ - Man allegedly harassing child

শিশু শ্ৰম বন্ধ কৰাৰ লক্ষ্যৰে সকলো সচেতন হোৱাৰ সময়তে তিনিচুকীয়াৰ ডিগবৈত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা । এগৰাকী প্ৰায় দহবছৰীয়া নাবালিকাক শাৰিৰীক আৰু মানসিক আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী তথাকথিত সভ্য সমাজৰ সম্ভ্ৰান্ত ব্যক্তিৰ বিৰুদ্ধে(Man allegedly harassing Child) । ইতিমধ্যে ব্য়ক্তিগৰাকীক প্ৰেৰণ কৰা হৈছে জেল হাজোতলৈ ।

one sent to jail for allegedly harassing forested teenager
বন কৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত এজনক জেল হাজোতলৈ প্ৰেৰণ
author img

By

Published : Jun 4, 2022, 7:12 PM IST

Updated : Jun 4, 2022, 7:25 PM IST

ডিগবৈ,৪ জুন: ডিগবৈৰ ২ নং বৰবিলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । শিশু আইনক উলংঘা কৰি বন কৰা কিশোৰী নিযোজিত কৰাৰ লগতে কিশোৰীগৰাকীক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে(Man allegedly harassing child) । অভিযোগ উত্থাপন হোৱাৰ পাছতেই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি ব্যক্তিগৰাকীক প্ৰেৰণ কৰা হৈছে জেল হাজোতলৈ ।

ডিগবৈ চহৰৰ পাৰ্শ্বৱৰ্তী ২ নং বৰবিলৰ নিবাসী অসম তেল নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰসন্ন গগৈয়ে নিজৰ ঘৰত কাম কৰা হিচাপে নিয়োজিত কৰিছিল কিশোৰীগৰাকীক । কিন্তু বিগত কিছুদিন ধৰি কিশোৰীগৰাকীক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে প্ৰসন্ন গগৈৰ বিৰুদ্ধে ।

Child abuse in Digboi: বন কৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগত এজনক জেল হাজোতলৈ প্ৰেৰণ

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে বৰবিলৰে এখন চৰকাৰী অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে অধ্যয়নৰত বিদ্যালয়খনত যোৱা কিছুদিন ছাত্ৰীগৰাকী উপস্থিত নাছিল ৷ অৱশেষত যোৱা ৩০ মে' তাৰিখে বিদ্যালয়ত উপস্থিত হোৱাত ছাত্ৰীগৰাকীৰ গালত আংশিকভাৱে দাগ প্ৰত্যক্ষ কৰে বিদ্যালয়ৰ শিক্ষাগুৰুয়ে আৰু ছাত্ৰীগৰাকীৰ পৰা আঘাতৰ চিনৰ বিষয়ে জানিব বিচাৰে ৷

ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ শিক্ষাগুৰুৰ আগত ঘৰৰ গৃহস্থ প্ৰসন্ন গগৈয়ে যোৱা কিছুদিনৰ পৰা মানসিক, শাৰীৰিক আৰু যৌন অতিশয্য চলোৱাৰ কথা জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত প্ৰসন্ন গগৈৰ বিৰুদ্ধে নাবালিকাগৰাকীয়ে অনা অভিযোগ সম্পৰ্কে স্থানীয় কোনো লোকে চাইল্ড লাইনক অৱগত কৰে । ইয়াৰ পাছতেই ছাত্ৰীগৰাকীক আৰু অভিযুক্ত প্ৰসন্ন গগৈক চাইল্ড লাইনৰ তৎপৰতাত ডিগবৈ আৰক্ষীয়ে ডিগবৈ থানালৈ আনি সোধাপোচা কৰাৰ পাছত POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰি প্ৰসন্ন গগৈক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে (Man sent to jail for allegedly harassing child) ।

লগতে পঢ়ক: কাৰাগাৰলৈ প্ৰৰণ কৰা হ’ল SI জোনমণি ৰাভাক

Last Updated : Jun 4, 2022, 7:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.