ETV Bharat / state

প্ৰাপ্য অধিকাৰৰ দাবীত লাইকা-দধিয়াবাসীৰ সংবাদমেল - পুনৰ সংস্থাপন

চৰকাৰ প্ৰসাশনে লাইকা-দধিয়াবাসী ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত অৱহেলা কৰা অভিযোগ লাইকা দধিয়াবাসী ৰাইজৰ । এই অভিযোগ প্ৰদান কৰি সংবাদমেল আয়োজন লাইকা-দধিয়াবাসীৰ ৷ 54 টা দিন অতিক্ৰম কৰাৰ পিচতো তেওঁলোকক সংস্থাপিত নকৰাৰ অভিযোগ ৷

laika-dodiya-people-press-meet
প্ৰাপ্য অধিকাৰৰ দাবীত লাইকা-দধিয়াবাসীৰ সংবাদমেল
author img

By

Published : Feb 12, 2021, 10:59 PM IST

তিনিচুকীয়া, 12 ফেব্ৰুৱাৰী : চৰকাৰ প্ৰসাশনে লাইকা-দধিয়াবাসী ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত অৱহেলা কৰা অভিযোগ লাইকা দধিয়াবাসী ৰাইজৰ । এই অভিযোগ প্ৰদান কৰি সংবাদমেল আয়োজন লাইকা-দধিয়াবাসীৰ ৷ 54 টা দিন অতিক্ৰম কৰাৰ পিচতো তেওঁলোকক সংস্থাপিত নকৰাৰ অভিযোগ ৷

উল্লেখ্য যে, 20 ডিচেম্বৰত নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত অস্থায়ীভাৱে শিবিৰ পাতি চৰকাৰী ভূমিত প্ৰতিবাদ কৰি আছে লাইকা-দধিয়াবাসী ৰাইজে । কিন্তু আজি ৫৪ টাকৈ দিন অতিক্ৰম কৰাৰ পাছতো লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন দিয়াৰ বিপৰীতে মাত্ৰ ১ লাখ‌ টকাৰ এককালীন সাহায্য দি দায়িত্ব সামৰিলে চৰকাৰ প্ৰসাশনে ।

প্ৰাপ্য অধিকাৰৰ দাবীত লাইকা-দধিয়াবাসীৰ সংবাদমেল

এই দুই বিষয় লৈ TMPK আৰু লাইকা-দধিয়াবাসী পুনৰ সংস্থাপন দাবী সমিতিয়ে শুকুৰবাৰে সংবাদমেল সম্বোধন কৰে । ইয়াৰে এটা হ'ল দধিয়াবাসীৰ পুনৰ সংস্থাপন দাবী সমিতিৰ সাধাৰণ সম্পাদক মিথুন পামে বিজেপিত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিথুন পামেক দধিয়াবাসীৰ পুনৰ সংস্থাপন দাবী সমিতিৰ পৰা বহিস্কাৰ কৰা লগতে লাইকা-দাধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে । আৰু অন্য এটা দাবী হ'ল জিলা প্ৰশাসন আৰু চৰকাৰে লাইকা দধিয়াবাসী ৰাইজৰ আবেগক লৈ খেলা নকৰিবলৈ সকিয়াই দিয়ে ।

উল্লেখযোগ্য যে, লাইকা-দধিয়াৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত তিনিখনকৈ সমিতি বনাই দিয়া হৈছিল । লাইকাবাসীৰ পুনৰ সংস্থাপন দাবী সমিতি, দধিয়াবাসীৰ পুনৰ সংস্থাপন দাবী সমিতি আৰু লাইকা-দধীয়া পুনৰ সংস্থাপন দাবী সমিতি ইয়াৰে দধিয়াবাসীৰ পুনৰ সংস্থাপন দাবী সমিতিৰ সাধাৰণ সম্পাদক মিথুন পামে কৰা প্ৰতাৰণাৰ বাবে তেওঁক বহিস্কাৰ কৰি সম্পাদকৰ পদত সহকাৰী সম্পাদক নবীন চন্দ্ৰ পাওক নিযুক্তি দিয়ে ।

লগতে পঢ়ক : অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.