তিনিচুকীয়া, 28 নৱেম্বৰঃ শিখ ধৰ্মাৱলম্বী লোকসকলৰ মুখ্য তীৰ্থস্থান পাকিস্তানৰ কাৰতাৰপোৰলৈ মটৰ চাইকেলৰে যাত্ৰা কৰি সুকলমে ওভতি আহিছে ডুমডুমা কুমচাংৰ এজন শিখ যুৱক । হৰেন্দ্ৰৰ সিং বাৰনালাৰ পুত্ৰ কমলদ্বীপ সিং বাৰনালায়ে সদ্যহতে পাকিস্তান চৰকাৰে শিখ ধৰ্মীয় লোকসকলৰ পৱিত্ৰ তীৰ্থস্থান গুৰু নানকৰ জন্মস্থলী দৰ্শন কৰিবলৈ ভাৰতৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ বাবে মুকলি কৰি দিয়াৰ পৰা ভাৰতৰ বহু লোক কাৰতাৰপোৰস্থীত এই তীৰ্থ ভ্ৰমণ কৰিবলৈ যাত্ৰা কৰিছে । কিন্তু ডুমডুমাৰ এই যুৱকজনে ভাৰতত থকা শিখ ধৰ্মীয় তীৰ্থস্থান বিলাকৰ লগতে পাকিস্তানস্থীত শিখ ধৰ্মৰ সকলোতকৈ গুৰুত্বপূৰ্ণ তীৰ্থস্থান মটৰ চাইকেলৰে ভ্ৰমণ কৰি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
আৰু পঢ়কঃ NRC-ত এশতকৈ অধিক ডুপ্লিকেট ছফ্টৱেৰ ব্যৱহাৰৰ অভিযোগ !
৩ নৱেম্বৰ তাৰিখে কুমচাংস্থিত নিজ গৃহৰ পৰা যাত্ৰা আৰম্ভ কৰি শিখ ধৰ্মীয় তীৰ্থস্থান পাটনা চাহিব, স্বৰ্ণ মন্দিৰ দৰ্শন কৰাৰ পিছত ১২ নৱেম্বৰ তাৰিখে গুৰু নানকৰ জন্মতিথিৰ দিনা পাকিস্তানৰ কাৰতাৰপোৰস্থিত তীৰ্থস্থান দৰ্শন কৰে যুৱকজনে । মটৰ চাইকেল যাত্ৰা কালত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোক সকলৰ পৰা বিভিন্ন অভিজ্ঞতা লাভ কৰি আপ্লুত হোৱা কমলদ্বীপ সিং বুধবাৰে কুমচাংস্থিত নিজগৃহত উপস্থিত হয় ।