ETV Bharat / state

কাকপথাৰত অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Nov 27, 2020, 4:58 PM IST

প্ৰতিজন অৰুণোদয় আঁচনিৰ আবেদনকাৰীৰ পৰা ১০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে টঙনা পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ৷

kakopothar-arunudoi-corruption
কাকপথাৰত অৰুণোদয় আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ

শদিয়া, 27 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ টঙনা গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পঞ্চায়তখনত এইবাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে পঞ্চায়তখনৰ অন্তৰ্গত ৮ নং কাছিজান ৱাৰ্ডৰ একাংশ বিজেপি নেতাৰ বিৰুদ্ধে ৷

অভিযোগ অনুসৰি ৱাৰ্ডটোৰ একাংশ বিজেপি নেতাই নিজৰ পৰিয়ালৰ লগতে সমন্ধীয় লোক তথা কোনোধৰণৰ ধনী-দুখীয়া বিবেচনা নকৰাকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীত নাম অন্তভুক্ত কৰাৰ ফলত ৱাৰ্ডটোত একাংশ দুখীয়া পৰিয়ালৰ লোকে আঁচনিৰ পৰা বঞ্চিত হৈ পৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী ৷

তদুপৰি প্ৰতিজন অৰুণোদয় আঁচনিৰ আবেদনকাৰীৰ পৰা ১০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে টঙনা পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে ৷ এতিয়া পঞ্চায়তখনৰ লগতে ৱাৰ্ডটোত চলি থকা এনে দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে গাঁওবাসীয়ে ৷
লগতে পঢ়ক: কৃষি আইনৰ বিৰোধিতাত কৃষকৰ দিল্লী চলো কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.