ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰাৰ দাবীত প্ৰতিবাদ

author img

By

Published : Dec 12, 2020, 9:57 PM IST

কাকপথাৰ প্ৰেছ ক্লাবৰ সদস্যসকলে সন্ধিয়া কাকপথাৰ শ্বহীদ বেদীৰ সন্মুখত একত্ৰিত হৈ প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাৰ তদন্তৰ গতি ক্ষীপ্ৰতৰ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে ৷ লগতে ঘটনাটোৰ তদন্ত দায়িত্ব CBI ক দিবলৈও দাবী জনায় সদস্যসকলে ৷

প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাৰ তদন্তৰ গতি ক্ষীপ্ৰতৰ কৰাৰ দাবীত কাকপথাৰ প্ৰেছ ক্লাবৰ প্ৰতিবাদ

শদিয়া,12 ডিচেম্বৰ : কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যুৰ এটা মাহ পাৰ হৈ যোৱাৰ পিছতো তদন্তৰ দায়িত্বত থকা CID য়ে তদন্তৰ কোনো কথা স্পষ্ট নকৰাত ক্ষোভিত হৈ পৰিছে কাকপথাৰ সাংবাদিক মহল ৷ কাকপথাৰ প্ৰেছ ক্লাবৰ সদস্যসকলে সন্ধিয়া কাকপথাৰ শ্বহীদ বেদীৰ সন্মুখত প্ৰতিবাদ কৰি তদন্তৰ গতি ক্ষীপ্ৰতৰ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী উথাপন কৰে ৷ লগতে ঘটনাটোৰ তদন্ত দায়িত্ব CBIক দিবলৈও দাবী জনায় সদস্যসকলে ৷

উল্লেখযোগ্য যে, প্ৰতিবাদস্থলীত উপস্থিত থাকি তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিতু ডেকাই তদন্ত কোন পৰ্যায়ত আছে সেইয়া স্পষ্ট কৰিবলৈ CID তথা ৰাজ্য চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা আছুৱে কাকপথাৰ ৰাইজৰ লগত মিলিত হৈ পৰাগ ভূঞাৰ হত্যাৰ উচিত তদন্তৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি স্পষ্ট কৰি দিয়ে ৷ শনিবাৰে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত জ্যেষ্ঠ নাগৰিক বিৰেণ ডেকা, বিনা বৰকটকী, আছু নেতা কনছেং গগৈকে ধৰি বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়কঃ CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.