তিনিচুকীয়া,16 মাৰ্চ: মঙলবাৰে তিনিচুকীয়া আবকাৰী বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত তৎপৰ হৈ পৰিছে তিনিচুকীয়া আবকাৰী বিভাগ । প্ৰতিদিনাই আবকাৰী বিভাগে তিনিচুকীয়াৰ প্ৰান্তে প্ৰান্তে চলাইছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ।
মঙলবাৰে এক বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়াৰ কাৰ্যবাহী দণ্ডাধীশ নিলোৰাম শৰ্মা আৰু আবকাৰী অধীক্ষক মানৱজ্যোতি দাসৰ নেতৃত্বত সন্ধিয়া এটা আবকাৰী বিভাগৰ দলে তিনিচুকীয়াৰ পৰ্বতীয়াত জব্দ কৰে বহু পৰিমাণৰ অবৈধ সুৰা । পৰ্বতীয়াৰ এঘৰত মজুত কৰি থোৱা অৱস্থাত জব্দ কৰে সুৰাখিনি ।
লগতে পঢ়ক: বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ