ETV Bharat / state

৪ বছৰীয়া সন্তানক ঘৰতে এৰি থৈ আলফালৈ পিতৃ-মাতৃ - husband wife joined ulfa

এগৰাকী ৪ বছৰীয়া কণমানিক এৰি স্বাধীন অসমৰ সপোন দেখি পতী-পত্নীয়ে আলফা(স্বা)ত যোগদান কৰাৰ খবৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ( Married couple joined ULFA I) ৷ সবিশেষ জানো আহক ৷

husband-wife-joined-ulfa-leaving-child-at-home
৪ বছৰীয়া সন্তানক ঘৰতে এৰি থৈ আলফালৈ পিতৃ-মাতৃ
author img

By

Published : May 9, 2022, 6:54 PM IST

Updated : May 9, 2022, 7:07 PM IST

শদিয়া, 9 মে’: পুনৰ আলফা(স্বা)ত যোগদান কৰিছে কাকপথাৰৰ এহাল স্বামী-স্ত্ৰীয়ে ( Married couple joined ULFA I) ৷ আলফা(স্বা)ত যোগদান কৰা কাকপথাৰ চেলেংগুৰীৰ স্বামী-স্ত্ৰী অচ্যুতানন্দ নেওগ আৰু পত্নী মমতা নেওগ ৷ যোৱা ৫মে পৰা সন্ধানহীন হৈ আছিল দুই স্বামী-স্ত্ৰী ৷ অৱশেষত, তিনিচুকীয়া জিলা আৰক্ষী আৰু কাকপথাৰ আৰক্ষীয়ে অৱগত কৰাতহে বিষয়টো জ্ঞাত হয় পৰিয়ালৰ আনসকল সদস্যই ৷

৪ বছৰীয়া সন্তানক ঘৰতে এৰি থৈ আলফালৈ পিতৃ-মাতৃ

এগৰাকী ৪বছৰীয়া কণমানি কণ্যাক ঘৰত থৈ যোৱা পুত্ৰ-বোৱাৰীক ঘৰলৈ ঘূৰি অহাৰ কাতৰ আহ্বান পিতৃ মাতৃৰ ৷ উল্লেখ্য যে, অচ্যুতানন্দ নেওগৰ পিতৃও এগৰাকী আলফাৰ সদস্য আছিল যদিও আলফাৰ প্ৰতি মোহভংগ হোৱাত ১৯৯৩ চনত আত্মসৰ্মপন কৰিছিল পিতৃ সন্মিন নেওগে ৷

এইদৰে ৪বছৰীয়া এগৰাকী কণমানিক এৰি স্বাধীন অসমৰ সপোন দেখি পতী-পত্নীয়ে আলফা(স্বা)ত যোগদান কৰাৰ খবৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়া জিলাখনতে ৷ উল্লেখ্য যে, শেহতীয়াভাৱে আলফা স্বাধীনত ন ন যুৱকৰ যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰি তুলিছে ।

শেহতীয়াকৈ এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে মন্তব্য কৰিছিল যে, কৰ’ণাৰ বাবে আলফালৈ যোৱাটো কিছু কমিছিল যদিও এইখিনি সময়ত অলপ বেছি গৈছে (Youth joining in ULFA I)। লগতে তেও কয়, আলফাত যোগদান কৰাৰ কিছু খবৰ আগতে আমি গম পোৱা নাছিলোঁ । কিন্তু এতিয়া পৰিয়ালসমূহ সচেতন হৈছে, যাৰ বাবে আমি গম পাইছো ।

লগতে পঢ়ক : দিন সলনি হ’ল: শ্বাহৰ সাৰথি হ’বলৈ গৈ বাধাৰ সন্মুখীন মন্ত্ৰী ৰণজিৎ দাস

Last Updated : May 9, 2022, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.