ETV Bharat / state

Guijan PHC: অৱশেষত উদ্বোধন হ’ল গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Jan 20, 2023, 8:37 PM IST

শুকুৰবাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ল তিনিচুকীয়া জিলাৰ গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ কেইবাবছৰ পূৰ্বেই এই স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে উদ্বোধন কৰা হোৱা নাছিল ৷ 1 কোটি 10 লাখ 40 হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে স্বাস্থ্য কেন্দ্ৰটো ৷

Guijan PHC
অৱশেষত উদ্বোধন হ’ল গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

তিনিচুকীয়া, 20 জানুৱাৰী: ৰাজ্যৰ স্বাস্থ্যখণ্ড উন্নয়ন বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ৷ শুকুৰবাৰে তিনিচুকীয়া জিলাৰ গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ(Guijan primary health centre) উদ্বোধন চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ(MLA Punakan Baruah) ৷ তিনিচুকীয়াৰ জিলা উপায়ুক্ত নৰসিং পৱাৰৰ উপস্থিতিত উদ্বোধন কৰা হয় স্বাস্থ্য কেন্দ্ৰটো ৷ উদ্বোধন অনুষ্ঠানৰ সংগতি ৰাখি জিলা স্বাস্থ্য সমিতি তিনিচুকীয়াৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা ৷

সভাখনৰ আঁতধৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ(National Health Mission) জিলা আচঁনি বিষয়া নুৰ আহমেদে । সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ গৌৰী শংকৰ গগৈয়ে । যুতীয়া সঞ্চালকগৰাকীয়ে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জনকল্যাণমূলক আচঁনিসমূহৰ বিষয়ে উল্লেখ কৰাৰ লগতে ৰোগ নিৰ্মূল তথা উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়াবৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে । লগতে গৰ্ভৱতী মহিলা, নৱজাতক তথা প্ৰসূতি মাতৃৰ পৰিপুষ্টি আৰু সু-স্বাস্থ্যৰ বাবে যিখিনি সা-সুবিধা উপলব্ধ আছে সেইসমূহ সা-সুবিধা গ্ৰহণ কৰিবৰ বাবে ৰাইজক সচেতন হবলৈ আহ্বান জনায় ।

Guijan PHC
বিধায়ক পোনাকণ বৰুৱাই উদ্বোধন গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

জিলা উপায়ুক্ত নৰসিং পৱাৰে(DC Narsing Pawar) বৰ্তমানৰ ৰাজ্য চৰকাৰৰ নেতৃত্বত স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তন সাধন হৈছে বুলি উল্লেখ কৰি শুকুৰবাৰৰ পৰা মুকলি হোৱা গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোয়ে স্থানীয় ৰাইজক যথেষ্ট উপকৃত কৰিব বুলিও বক্তব্য আগবঢ়ায় ।

আনহাতে, সভাত উপস্থিত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) নেতৃত্বত সমগ্ৰ ৰাজ্যৰ বিভিন্ন খণ্ডৰ লগতে স্বাস্থ্য খণ্ডটো অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে বুলি মন্তব্য কৰি এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ দ্বাৰা গুইজান এলেকাৰ চাহ বাগিচাৰ লগতে দাঁতি কাষৰীয়া গাঁৱসমূহৰ বৃহৎ সংখ্যক ৰাইজ চিকিৎসাৰ ক্ষেত্ৰত উপকৃত হব বুলি উল্লেখ কৰে । অনতি পলমে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত প্ৰয়োজনী সকলোধৰণৰ উন্নতমানৰ সা-সুবিধা লগতে পৰ্য্যাপ্ত চিকিৎসক, নাৰ্চ উপলব্ধ কৰা হ’ব বুলিও বিধায়ক পুনাকণ বৰুৱাই জানিবলৈ দিয়ে ।

উল্লেযোগ্য যে, 1 কোটি 10 লাখ 40 হাজাৰ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছয়খন বিচনাযুক্ত এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো কেইবাবছৰো পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল(Guijan PHC) ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে মুকলি কৰা হোৱা নাছিল ৷ শেহতীয়াকৈ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ তৎপৰতাত এই গুইজান প্ৰাথমিক চিকিৎসালয়খন মুকলি কৰিবলৈ সক্ষম হয় ৷ প্ৰাথমিক চিকিৎসালয়খনত মহিলা আৰু পুৰুষৰ বাবে পৃথক কক্ষ থকাৰ লগতে প্ৰসৱ কক্ষ, নৱজাতকৰ যত্ন কক্ষ, এটা অপাৰেচন থিয়েটাৰ, এটা মাইন'ৰ অপাৰেচন থিয়েটাৰ, এটা পৰীক্ষাগাৰ আৰু ডিচপেনচাৰী আদিৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: ULFA KLO treaty: আলফা-কেএলঅ’ৰ 22 বছৰ পুৰণি চুক্তিৰ বিষয়ে কি ক’লে অনুপ চেতিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.