শদিয়া,2 মাৰ্চ: সদ্যঘোষিত অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাচনি পৰীক্ষাত জিলিকিল ডুমডুমাৰ মানখোৱা চাহ বাগিচাৰ যুৱক কৈলাশ কৰ্মকাৰ ৷ যাক লৈ এতিয়া গৌৰৱান্বিত অঞ্চলবাসী ৷ বাগিচাখনৰ শ্ৰমিকৰ সন্তান কৈলাশ কৰ্মকাৰে পিতৃ-মাতৃৰ ত্যাগ আৰু কষ্টক উচিত মৰ্যদা দিবলৈ সক্ষম হৈছে ৷ কৈলাশৰ সফলতাত চাহ জনজাতি ছাত্ৰ সন্থা আৰু মানখোৱা চাহ বাগিচাৰ শ্ৰমিকসকল উৎফুল্লিত হৈ কৈলাশৰ লগতে পিতৃ-মাতৃকো সোমবাৰে ৰাজহুৱাভাৱে জনাই সম্বৰ্ধনা ৷
অসম চৰকাৰ তথা অসম আৰক্ষীয়ে পুনৰবাৰ ৰাজ্যত আয়োজিত কৰা সদ্যঘোষিত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ বাচনি পৰীক্ষা নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত হোৱা বুলি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷ যাৰ বাবে কৈলাশে অসম আৰক্ষী তথা ৰাজ্য চৰকাৰক ধন্যবাদ জনায় ৷
লগতে পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈ: কমল মেধি