ETV Bharat / state

ডুমডুমাত দুৰ্বৃত্তৰ চুৰিকাঘাটত যুৱক আহত - আৰক্ষীৰ অভিযান

এফালে কৰ’ণা মহামাৰীৰ বাবে মানৱ জীৱন বিপন্ন হৈ পৰিছে; কিন্তু একে সময়তে ৰাজ্যত আইন শৃংখলা ভংগ কৰি আহিছে বিভিন্ন দুষ্কৃতিকাৰীৰ লগতে বিকৃত মানসিকতাৰ এচাম লোকে ৷ শেহতীয়াকৈ, হত্যা, ধৰ্ষণ, চিকিৎসক নিগ্ৰহৰ দৰে ঘটনাই উত্তাল কৰিছে ৰাজ্য ৷ এনে সময়তে ডুমডুমাৰ এখন হোটেলত সংঘটিত হৈছে কাম কৰি জীৱন নিৰ্বাহ কৰা এজন যুৱকক দুৰ্বৃত্তই চুৰিকাঘাট কৰাৰ ঘটনা ৷

goons-attacks-guy-with-knife-in-doomdooma
ডুমডুমাত দুৰ্বৃত্তৰ চুৰিকাঘাতত যুৱক আহত
author img

By

Published : Jun 3, 2021, 10:26 AM IST

ডুমডুমা, 3 জুন: তিনিচুকীয়া জিলাৰ ডুমডুমাত দুৰ্বৃত্তৰ চুৰিৰ আঘাটত এজন যুৱক গুৰুতৰভাৱে আহত হয় । আহত প্ৰায় 24 বছৰীয়া যুৱকজন ডুমডুমাৰ সমীপৱৰ্তী ৰজাগড়ৰ বিমান ফুকন বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি, পিতৃ-মাতৃহীন বিমান ফুকনে তিনিচুকীয়াৰ এখন হোটেলত কাম কৰি জীৱন নিৰ্বাহ কৰি আহিছে । অইন দিনাৰ দৰেই বুধবাৰেও বিমানে হোটেলৰ কাম সমাপ্ত কৰি তিনিচুকীয়াৰ পৰা বাছেৰে ঘৰলৈ ওভটে আৰু ডুমডুমাৰ উচামাটিত বাছখনৰ পৰা নামি ঘৰলৈ বুলি খোজ লয় ।

সেই সময়তে তিনিজন লোকৰ সৈতে তেওঁৰ মুখামুখি হয় । মদৰ ৰাগিত মাতাল লোক কেইজনৰ লগত সৰু কথাক লৈ বিমানৰ তৰ্ক-বিতৰ্ক হয় । ইমানতেই অতিষ্ঠ হৈ লোককেইজনৰ এজনে বিমানক মাৰধৰ কৰাৰ ওপৰি চুৰিৰে ডিঙিত আঘাট হানে । উপৰ্যুপৰি কৰা আঘাটত মাটিত পৰি যোৱা যুৱকজনৰ গাত সুৰা ঢালি দি পুনৰ আঘাট কৰিবলৈ লওতেই সেই পথেদি গৈ থকা পথচাৰীৰ চকুত পৰে এই ঘটনা । পথাচাৰীৰ সক্ৰিয়তাত কথমপি ৰক্ষা পৰে যুৱকজন ৷

ডুমডুমাত দুৰ্বৃত্তৰ চুৰিকাঘাতত যুৱক আহত

ইফালে, এই ঘটনাৰ সম্ভেদ পাই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বিমানক উদ্ধাৰ কৰি ডুমডুমা এফআৰইউলৈ লৈ যায় । পৰৱৰ্তী সময়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত সম্প্ৰতি বিমানৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে, ঘটনা সংক্ৰান্তত এটা গোচৰ ৰজু কৰি আৰক্ষীয়ে সম্প্ৰতি দুৰ্বৃত্তকেইটাক বিচাৰি অভিযান আৰম্ভ কৰিছে । আঘাটপ্ৰাপ্ত বিমানে সংবাদ মাধ্যমক জনোৱা মতে, চুৰিৰে আঘাট কৰা দুৰ্বৃত্তৰ দলটোৰ এজনে পূৰ্বেও বিমানক বেয়াকৈ মাৰ-ধৰ কৰাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ক’ভিড পৰিস্থিতিত কেনে আছে গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী অঞ্চলবাসী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.