ETV Bharat / state

কৰ’ণাৰ মাজতে লাইকা-দধীয়াবাসীৰ সন্মুখত পুনৰ আন এক প্ৰত্যাহ্বান - Assam flood news

কৰ’ণাৰ দ্বিতীয়টো লহৰৰ সৈতে চলি থকা যুদ্ধখনৰ সময়তে ৰাজ্যবাসীৰ সমুখত পুনৰ আন এক প্ৰত্যাহ্বান ৷ বাৰিষাৰ প্ৰথম যাক বৰষুণৰ পিছতেই ৰাজ্যবাসীৰ সমুখত প্ৰত্যাহ্বান হৈ দেখা দিছে বান সমস্যাই ৷

Flood situation in laika dadhiya
কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ মাজতেই ৰাজ্যবাসীৰ সমুখত বানৰ প্ৰত্যাহ্বান
author img

By

Published : May 23, 2021, 7:49 PM IST

তিনিচুকীয়া, 23 মে’: ৰাজ্যত এতিয়া কৰ’ণা মহামাৰীৰ তাণ্ডৱে ৰাইজৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ৷ মহামাৰীৰ বিৰুদ্ধে সৃষ্টি হোৱা যুদ্ধখনত অক্ষুন্ন আছে ৰাজ্যবাসীৰ সচেতন অংশগ্ৰহণ ৷ ইফালে,পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আংশিক লকডাউনৰো ঘোষণা কৰিছে চৰকাৰে ৷

কিন্তু, তথাপি নিতৌ বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ লগতে আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ৷ পিছে ওৰেটো বছৰ সমস্যাই জৰ্জৰিত কৰি ৰখা ৰাজ্যবাসীৰ দুঃখ-যান্ত্ৰণা এতিয়া ইমানতে সীমাবদ্ধ হৈ থকা নাই ৷ কৰ’ণা মহামাৰীৰ দ্বিতীয়টো লহৰৰ তাণ্ডৱ মাৰ নাযাওতেই ৰাজ্যবাসীৰ সন্মুখত পুনৰ এক প্ৰত্যাহ্বান হৈ দেখা দিছে বান সমস্যাই ৷

কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ মাজতেই ৰাজ্যবাসীৰ সমুখত বানৰ প্ৰত্যাহ্বান

বাৰিষাৰ প্ৰথম যাক বৰষুণৰ পিছতেই বান সমস্যাই আতংকিত কৰি তুলিছে এইখন অসমৰে তিনিচুকীয়া জিলাৰ লাইকা-দধীয়া বাসী ৰাইজক । ইতিমধ্যেই বানৰ কবলত পৰিছে লাইকা দধিয়াৰ কেইবাটাও ঘৰ । ঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ এঠাইৰ পৰা আন ঠাইলৈ নাওঁলৈ কঢ়িয়াব লগা অৱস্থাত পৰিছে অঞ্চলবাসী ৰাইজে ৷

ইফালে, বিশেষ এটুকুৰা মাটিৰ সংস্থাপনৰ সমস্যাত ভুগি থকা লাইকা-দধীয়াবাসী ৰাইজে সেই সমস্যাৰ সৈতে হাহাকাৰ কৰি থকাৰ মাজতে ব্ৰহ্মপুত্ৰ চিয়াঙৰ বাঢ়নি পানীয়ে সমগ্ৰ লাইকা-দধীয়া অঞ্চল বুৰাই পেলাইছে ৷ দিশহাৰা হৈ পৰা অঞ্চলবাসীৰ হাতত নাই কোনো বিকল্প ব্যৱস্থা , নাই কোনো চৰকাৰী সা-সুবিধা আনহে নালাগে এই বিপদত থিয় দিবলৈকো কোনো জন প্ৰতিনিধিও বৰ্তমানলৈকে উপস্থিত হোৱা নাই বান পীড়িত লাইকা-দধীয়া বাসীৰ কাষত ৷

Flood situation in laika dadhiya
কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ মাজতেই ৰাজ্যবাসীৰ সমুখত বানৰ প্ৰত্যাহ্বান

ইফালে, যোৱাবেলিৰ বানপানীৰ সময়ত আশ্ৰয় শিবিৰসমূহত দেখা গৈছিল কোনোধৰণৰ সামাজিক দূৰত্ব অথবা ক’ভিড নীতিৰ পালন নোহোৱাৰ দৃশ্য ৷ যদি এইবেলিও একে পৰিস্থিতিৰ সৃষ্টি হয় , তেন্তে কৰ’ণাৰ দ্বিতীয়টো লহৰৰ সৈতে চলি থকা যুদ্ধখনৰ স্থিতি কি হ’ব তাকলৈয়ো চিন্তিত হৈছে ৰাইজ ৷ আনহাতে, সমস্যা জৰ্জৰিত ৰাজ্যখনৰ শাসনত অধিষ্ঠিত হোৱা নতুন চৰকাৰ খনে এই বিষয় সমূহ কেনেকে মোকাবিলা কৰিব তাকেলৈও এতিয়া সচেতন মহলত চলিছে আলোচনা বিলোচনা ৷

লগতে পঢ়ক: য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.