ETV Bharat / state

Tinsukia bus fire incident: তিনিচুকীয়া ASTC বাছ আস্থানৰ ভিতৰত পুৱা দাও দাওকৈ জ্বলিল বাছ

author img

By

Published : Jun 1, 2023, 2:13 PM IST

দাও দাওকৈ বাছ আস্থানৰ ভিতৰতে জ্বলি উঠিল এখন বাছ ৷ তিনিচুকীয়া বাছ আস্থানত সংঘটিত হৈছে এই ঘটনা (ASTC bus stand in Tinsukia) ৷ বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ সূত্ৰপাত ক’ৰ পৰা হ’ল জানিব পৰা হোৱা নাই ৷

Fire breaks out in a bus
জ্বলি উঠিল এখন বাছ
জ্বলি উঠিল এখন বাছ

তিনিচুকীয়া, ১ জুন : আজি পুৱা প্ৰায় ৭ বজাত তিনিচুকীয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত এখন বাছত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ পিচতে বাছ আস্থানৰ চৌপাশত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ (Fire breaks out in a bus in Tinsukia) ৷ অগ্নিকাণ্ড সংঘটিত হোৱা AC ডে চুপাৰ বাছখনৰ নম্বৰ AS 12 BC 9447 ৷ মুন ট্ৰেভেলচ্‌ নামৰ প্ৰতিষ্ঠানটোৰ উক্ত বাছখন তিনিচুকীয়াৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰিবলৈ সাজু হৈ থকাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ডটো ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে যদিও ইতিমধ্যে জাহ যায় বাছখনৰ অধিকাংশ (Tinsukia bus fire incident) ৷ বাছখনত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল এইপৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ইতিমধ্যেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Nagaon News: পথ দুৰ্ঘটনাৰ শীৰ্ষত নগাঁও; যান-বাহন আইন মানি চলাৰ আহ্বান আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ

এই অগ্নিকাণ্ডৰ সন্দৰ্ভত বাছখনৰ এজন কৰ্মচাৰীয়ে জানিব দিয়া অনুসৰি পুৱা বাছখন ধুই সাজু কৰি পূজা পাৰ্বণ কৰাৰ পাছতে বাহিৰত কিবা এটা খাবলৈ বুলি ওলাই যোৱাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ডটো (ASTC bus stand in Tinsukia) । কিন্তু অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই (Fire breaks out in a bus inside ASTC) ।

উল্লেখ কৰিব লাগিব যে, ৰাজ্যত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৭৭১ গৰাকী অসম ৰাজ্যিক পৰিবহণ নিগম বিভাগৰ কৰ্মচাৰীক ভুৱা নিযুক্তি আখ্যা দি বুধবাৰে বৰ্খাস্ত কৰিছিল । তাৰে ভিতৰত তিনিচুকীয়া ডিভিজনৰো ৮৩ গৰাকী কৰ্মচাৰী বৰ্খাস্ত কৰাৰ তালিকাত আছে ৷ কালি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কৰ্মচাৰীসকলে পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আজি ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা কৰিছিল অসম ৰাজ্যিক পৰিবহণ নিগম বিভাগৰ কৰ্মচাৰীসকলে ।

লগতে পঢ়ক : Rangia terrible road accident : ৰঙিয়াৰ চেপ্তিত যাত্ৰীবাহী আৰু স্কুলৰ বাছৰ মাজত সংঘৰ্ষ, আহত 20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.