ETV Bharat / state

Paragliding accident of skyland resort: পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি তিনিচুকীয়াত উপস্থিত হ’ল পিতৃ - Paragliding accident of skyland resort

26 জানুৱাৰী দিনাই তিনিচুকীয়াৰ স্কাইলেণ্ড নামৰ এখন অবৈধ ৰিজৰ্টত প্ৰাণ হেৰুৱা পংকজ গগৈৰ ন্যায়ৰ দাবীৰে 14 দিনৰ মূৰত তিনিচুকীয়াত উপস্থিত হ’ল পৰিয়াল (Family members demanding justice for Pankaj Gogoi) ৷

Paragliding in Tinsukia
১৪ দিনৰ পাছত পুত্ৰৰ ন্যায় বিচাৰি পিতৃ উপস্থিত হ’ল তিনিচুকীয়াত
author img

By

Published : Feb 10, 2022, 10:48 PM IST

তিনিচুকীয়া, 10 ফেব্ৰুৱাৰী: 26 জানুৱাৰী দিনাই তিনিচুকীয়াৰ স্কাইলেণ্ড নামৰ এখন অবৈধ ৰিজৰ্টত প্ৰাণ হেৰুৱাইছিল লখিমপুৰৰ যুৱক পংকজ গগৈয়ে । ৰিজৰ্টখনত পেৰাগ্লাইডিং কৰি থকা অৱস্থাত প্ৰায় ৩০০ ফুট ওপৰৰ পৰা পৰি মৃত্যু হৈছিল যুৱকজনৰ । কোনো ধৰনৰ চিকিৎসা সেৱা তথা সা-সুবিধা নথকা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ চেনচেটিভ জ’নত সম্পূৰ্ন অবৈধভাৱে ৰাজনৈতিক দলৰ আশিসপুষ্ট সঞ্জয় দাস আৰু প্ৰসন্ন দাসে গঢ়ি তোলিছিল স্কাইলেণ্ড নামৰ এই মৃত্যুলেণ্ডখন (Paragliding accident of skyland resort)।

২৬ জানুৱাৰীত পংকজ গগৈৰ মৃত্যুৰ পাছতেই খৰখেদাকৈ তদন্ত আৰম্ভ কৰিছিল তিনিচুকীয়া জিলা প্ৰশাসনে । জিলাখনৰ অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতিৰ সন্মুখত বিভিন্নজনে সাক্ষী দিলে । কিন্তু বর্তমানলৈকে এই পৰ্যন্ত তদন্তৰ কোনো ফলাফল অহা নাই । আনহাতে, পৰিয়ালৰ লোকে এই অবৈধ ৰিজৰ্টখনৰ বিৰুদ্ধে গুইজান থানাত ইতিপূৰ্বে গোচৰ ৰুজু কৰিছিল (Family members demanding justice for Pankaj Gogoi) ৷

১৪ দিনৰ পাছত পুত্ৰৰ ন্যায় বিচাৰি পিতৃ উপস্থিত হ’ল তিনিচুকীয়াত

পৰিয়ালৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 287/304ৰ অধীনত ৰুজু কৰা হৈছিল এক গোচৰ ।

কিন্তু বৰ্তমানেও মুকলি আকাশৰ তলত সঞ্জয় দাস আৰু প্ৰসন্ন দাস । স্কাইলেণ্ডত পূৰ্বতেও বহুকেইটা ঘটনা সংঘটিত হৈছিল । বহুবাৰ লিখিত অভিযোগো দিয়া হৈছিল প্ৰসাশন আৰু মন্ত্ৰীক । কিন্তু ৰহস্যজনকভাবে কোনো ব্যবস্থা লোৱা নহ'ল ।

আনহাতে, স্কাইলেণ্ডৰ অবৈধ ধনৰ অংশ চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা আৰু তেওঁৰ ভাতৃ অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ পকেটতো সোমোৱা বুলি বুলি গুৰুতৰ অভিযোগ তুলিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থায়ে ৷ একাংশৰ মতে, সঞ্জয় দাস আৰু প্ৰসন্ন দাস বিধায়ক বিনোদ হাজৰিকাৰ সোঁহাত হোৱাৰ বাবেই মৃত্যুলেণ্ডৰ ব্যবসায় চলাই আহিছিল নিৰ্ভয়ে ।

ৰাজনৈতিক আশিসৰ বাবে আজিলৈকৈ প্ৰসাশনে সঞ্জয় দাস আৰু প্ৰসন্ন দাসক বাধা দিব নোৱাৰিলে । পংকজ গগৈৰ মৃত্যুয়ে স্কাইলেণ্ডৰ লগত জড়িত বহু অকথিত কাহিনী উদঘাটন কৰাৰ পাচতো বৰ্তমানো মুকলি আকাশৰ তলত সঞ্জয় দাস আৰু প্ৰসন্ন দাস । বুধবাৰে প্ৰশাসনৰ তদন্তৰ বিষয়ে জানিবলৈ পংকজ গগৈৰ পৰিয়ালৰ লোক তিনিচুকীয়াত উপস্থিত হৈ স্থানীয় দল সংগঠনৰ সহায় বিচাৰে ৷

এতিয়া প্ৰশ্ন হয়, ন্যায় পাবনে পংকজ গগৈৰ পৰিয়ালে ? নে চৰকাৰী আশিসপুষ্ট হোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিব প্ৰশাসনে ? এই কথা পৰৱৰ্তী সময়তহে হ’ব স্পষ্ট ৷

লগতে পঢ়ক: আনন্দ মিশ্রৰ বদলিৰ আঁৰত আছে নেকি প্ৰৱঞ্চক মৃদুপৱন ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.