ETV Bharat / state

Electricity price hike : বিগত এবছৰে বিকল নামৰূপৰ ষ্টীম টাৰ্বাইন, দৈনিক ১০ লাখৰোধিক লোকচান - নামৰূপ ৰিপ্লেছমেণ্ট পাৱাৰ পজেক্ট

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী দৰে অৱস্থা নামৰূপ NRPP ৰ ৷ বিগত এটা বছৰে বিকল ৩৬ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ষ্টিম টাৰ্বাইনটো (Failed Namrup steam turbines for over a year) । ফলত দৈনিক লোকচান হৈছে লক্ষ্যাধিক টকাৰ ৷ সেয়ে অধিক দামত বহিঃ ৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব লগা হোৱাত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত (Electricity price hike in Assam)।

Electricity price hike
বিকল ৩৬ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ষ্টিম টাৰ্বাইন
author img

By

Published : Jun 10, 2023, 3:32 PM IST

মাৰ্ঘেৰিটা, ১০ জুন : ৰাজ্যত সঘনাই হ’বলৈ ধৰিছে বিদ্যুতৰ লুকা-ভাকু ৷ গৰমত অতিষ্ঠ হৈ পৰিছে ৰাজ্যবাসী ৷ এই দেই পুৰি যোৱা গৰমত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ বিগত এটা বছৰ ধৰি বিকল হৈ আছে নামৰূপৰ ১০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামৰূপ ৰিপ্লেছমেণ্ট পাৱাৰ প্ৰজেক্টটো (Failed Namrup steam turbines for over a year) ৷ ৩৬ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ষ্টিম টাৰ্বাইনটো বিকল হৈ থকাত এতিয়া দৈনিক বহু মেগাৱাট বিদ্যুৎ হেৰুৱাব লগা হৈছে ৰাজ্যবাসীয়ে (Electricity price hike in Assam) ।

দুটা ভাগত বিভক্ত থকা ১০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামৰূপ ৰিপ্লেছমেণ্ট পাৱাৰ প্ৰজেক্টৰ গেছ টাৰ্বাইন জেনেৰেচন অৰ্থাৎ GTG য়ে দৈনিক ৬২.২৫ মেগাৱাট আৰু ষ্টিম টাৰ্বাইন জেনেৰেচন অৰ্থাৎ STG টাৰ্বাইনটোৱে দৈনিক ৩৬.১৫ বিদ্যুৎ উৎপাদন কৰিব পৰা ক্ষমতা আছে । ১৯৬৫ চনতে নিৰ্মাণ হোৱা পুৰণি গেছ টাৰ্বাইন কেইটাৰ গেছ CONSUMPTION অতি বেছি হোৱাৰ বাবে বিদ্যুৎ উৎপাদন ব্যয় বহুল হয় । যাৰ বাবে উক্ত বিদ্যুৎ APGCL ৰ পৰা APDCL য়ে অধিক দামত ক্ৰয় কৰি গ্ৰাহকক অধিক দামতেই বিক্ৰী কৰিব লগা হয় ।

গ্ৰাহকক সকাহ দিবলৈ আৰু বিদ্যুৎ উৎপাদনী ব্যয় হ্ৰাস কৰা উদ্দেশ্যেৰে কম গেছত চলা FUEL EFFICIENT GTG আৰু STG প্ৰতিষ্ঠা কৰি বিদ্যুৎ উৎপাদন কৰা লক্ষ্যৰে বিভাগে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ পৰা ঋণলৈ ২০১০ চনত ভাৰত হেভিৱেট ইলেক্ট্ৰিকেল লিমিটেড অৰ্থাৎ ভেল নামৰ কোম্পানীটোৱে এই ১০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ২০২১ চনত ইয়াৰ কাম শেষ কৰিবলৈ সক্ষম হৈছিল । কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱা হোৱা পিছত দৈনিক ৩৬.১৫ মেগাৱাট উৎপাদনক্ষম এই STG টাৰ্বাইনটোৱে দৈনিক ৩০ মেগাৱাটহে বিদ্যুৎ উৎপাদন কৰি আহিছিল ৷

লগতে পঢ়ক : Shocking Electricity Bill : এজন উপভোক্তালৈ আহিল এমাহত প্ৰায় 8 কোটি টকাৰ বিদ্যুতৰ বিল

কিন্তু এই টাৰ্বাইনটো ৯ মাহৰ পিচতেই বিকল হৈ পৰাত দৈনিক ৩০ মেগাৱাট বিদ্যুৎৰ লগতে লক্ষ্যাধিক টকা হেৰুৱাব লগা হৈছে বিভাগটোৱে । যাৰ বাবে ৰাজ্যবাসীক সকাহ দিবলৈ বহিঃৰাজ্যৰ পৰা অধিক দামত বিদ্যুৎ ক্ৰয় কৰিব লগাত পৰিছে বিভাগটোৱে । সেয়ে বিদ্যুতৰ মাচুল অত্যাধিক বৃদ্ধি হোৱাৰ লগতে উৎকট গৰমত সঘনাই হোৱা বিদ্যুতৰ লোডশ্বেডিঙে এতিয়া জ্বলাকলা খোৱাইছে ৰাজ্যবাসীক ৷

যি সময়ত অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে বিদ্যুৎ ৰেহাই কৰিবলৈ গছৰ তলত বহিবলৈ আহ্বান জনাইছে, সেই সময়তে ৯ মাহে বিকল হৈ থকা STG টাৰ্বাইনটো নিৰ্মাণ কৰি উলিয়াব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে নামৰূপবাসীয়ে । গেছ টাৰ্বাইনটোৰ পৰা নিৰ্গত হোৱা গেছখিনিৰ পৰা যি WEAST HEAT ওলাই সেই খিনিকে ব্যৱহাৰ কৰি তাৰ যোগেদি BOILER পানীৰ পৰা ষ্টিম জেনেৰেট কৰা হয় ৷

সেই ষ্টিমখিনিৰে এই ৩০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম ষ্টিম টাৰ্বাইন চলোৱা হয় । অৰ্থাৎ এই ৩০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ বিভাগটোৱে উৎপাদনী ব্যয় কৰাৰ কোনো প্ৰয়োজন নাই । তেনে স্থলত বিদ্যুতৰ বিল আৰু লোড চেটিঙৰ পৰা সৰ্বসাধাৰণ ৰাইজক কিছু সকাহ দিবলৈ বিকল হৈ থকা STG টাৰ্বাইনটো নিৰ্মাণ কৰিবলৈ বিভাগটোৱে কি ব্যৱস্থা হাতত লয় সেয়া সময়েহে ক’ব ।

লগতে পঢ়ক : Electricity price hike: বিদ্যুতৰ খৰচ কমাবলৈ ফেন বন্ধ কৰি গছৰ তলত বহক ; বিশ্বজিৎ দৈমাৰীৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.