ETV Bharat / state

ৰাজহ সংগ্ৰহৰ অভিলেখ গঢ়িলে ৰাজ্যৰ বিদ্যুৎ বিভাগে

author img

By

Published : Jul 29, 2021, 2:02 PM IST

ৰাজ্যৰ বিদ্যুৎ বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰিছে সফল ৰাজহ সংগ্ৰহ অভিযান ৷ এনে সময়তে বিভাগে বান্ধি দিয়া ৰাজহৰ লক্ষ্যতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিলে ডুমডুমা বিদ্যুৎ উপ-সংমণ্ডলৰ ৷

electrical-sub-division-sets-record-of-revenue-collection
ৰাজহ সংগ্ৰহৰ আন এক অভিলেখ গঢ়িলে ৰাজ্যৰ বিদ্যুৎ বিভাগে

শদিয়া, 29 জুলাই : ৰাজ্যত ড৹ হিমন্তবিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰাজ্যৰ বিভাগ সমুহৰ ৰাজহ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৷ বিভিন্ন বিভাগৰ সমান্তৰালভাৱে ৰাজ্যৰ বিদ্যুৎ বিভাগেও এই ক্ষেত্ৰত সফলতা প্ৰদৰ্শন কৰিছে ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা বৈদ্যুতিক উপ-সংমণ্ডল(Doom dooma electrical sub division) বিদ্যুৎ বিভাগে(electricity department)ৰ অধীনত চলি থকা মাহটোত চাৰি লাখ পোন্ধৰ হেজাৰ টকা ৰাজহৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল ৷

যদিও, নিৰ্ধাৰিত ধনৰাশিতকৈ অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় কাৰ্যালয়টো ৷ বৰ্তমানলৈকে, ডুমডুমা বৈদ্যুতিক উপ-সংমণ্ডলে 4 লাখ 56 হেজাৰ টকা ৰাজহ সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে কাৰ্যালয়টোৰ মুখ্য বিষয়াই ৷ ইয়াৰ লগতে লগতে বিদ্যুৎ চুৰি(electricity thief) কৰা সকলৰ পৰা অথবা অন্যান্য বিভিন্ন পৰ্যায়ত আৰু কেইবা লক্ষ্যাধিক টকা ৰাজহ সংগ্ৰহ কৰা বুলি জানিবলৈ দিছে ৷

মাহেকীয়া বিদ্যুৎৰ বিল(monthly electricity bill) আদায়ৰ ক্ষেত্ৰত বিগত সময়ত গাঁও অঞ্চলত বিভিন্ন কৰ্মচাৰী নতুবা বিদ্যুৎ বিল আদায়ৰ সহায়ক সকলে খেলিমলি সৃষ্টি কৰি আহিছে ৷

চৰকাৰে বৰ্তমান লোৱা বিভিন্ন পৰ্যায়ৰ এজেন্ট নিয়োগ(employment of agents)ৰ ব্যৱস্থাটোৱে ৰাজহ সংগ্ৰহ( revenue collection )ত বিশেষ সুবিধা হৈছে বুলিও বিষয়া গৰাকীয়ে মত প্ৰকাশ কৰে ৷ সমান্তৰালভাৱে বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে যে, পলমকৈ মাহেকীয়া বিল অহাৰ বাবে ৰাইজ অধিক বিলৰ সমুখীন হয় ৷ এই ক্ষেত্ৰত ৰাইজৰ অভিযোগৰ ভিত্তিত মাহেকীয়া বিল অধিক অহাৰ ক্ষেত্ৰত থকা খেলিমেলি দূৰ কৰি ৰাইজক কম সময়ত মাহেকত বিল সমুহ আদায় দিয়াৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে মুখ্য বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক : দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.