ETV Bharat / state

ডুমডুমাত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ সংবাদমেল

author img

By

Published : Dec 6, 2020, 1:54 PM IST

চৰকাৰলৈ বিভিন্ন দাবী উত্থাপনেৰে শনিবাৰে ডুমডুমাত এক সংবাদমেল সম্বোধন সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷

A_ddm_swahit-nirjatita-pariyal-parisad-press-meet_vis_ASC10048
ডুমডুমাত সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ সংবাদমেল

তিনিচুকীয়া,6 ডিচেম্বৰ : অসম আন্দোলনৰ চল্লিছটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিও উপেক্ষিত শ্বহীদ পৰিয়ালৰ সদস্য ৷ চৰকাৰলৈ বিভিন্ন দাবী উত্থাপনেৰে শনিবাৰে ডুমডুমাত এক সংবাদমেল সম্বোধন কৰে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷ উল্লেখ্য যে, অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালৰ এজনকৈ সদস্যক চাকৰিত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে ৷ বৰ্তমানে কেৱল পাঁচগৰাকী শ্বহীদ পৰিয়ালৰ সদস্যকহে চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে যদিও বঞ্চিত হৈ আছে 310 গৰাকী সদস্য ৷ ইয়াকে লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷

শনিবাৰে সংবাদমেলযোগে অসম আন্দোলনৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্য সকলক কৰ্ম সংস্থাপন প্ৰদান কৰা, তিনিচুকীয়া জিলাৰ ১৩ গৰাকী শ্বহীদৰ শ্বহীদ বেদী নামাকৰণৰ কৰি এক বিঘা ভূমি প্ৰদানৰ ব্যৱস্থা কৰা, শ্বহীদ নিৰ্যাতিত পৰিয়ালক চিনাক্ত কৰি প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা, শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সদস্য-সদস্যাৰ বাবে অসম চৰকাৰৰ সুকীয়াকৈ আঁচনি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা আদি কেইবাটাই দাবী উত্থাপন কৰে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে ৷ আনহাতে, সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ ৰাজ্যিক সম্পাদক মানিক দেৱনাথক মৰিগাঁও আৰক্ষী চকীৰ ভিতৰতে কাণত ধৰোৱাই উঠোৱা ফটো ভাইৰেল কৰা কাৰ্যত জড়িত লোকসকলৰ বিৰুদ্ধেও চৰকাৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক-দমন কৰিবৰ বাবেই জাপি দিয়া হৈছে মিছা অভিযোগ : আজমল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.