ডুমডুমা,18 অক্টোবৰ: তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ডুমডুমা নগৰ খেলপথাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তিনিচুকীয়া জিলাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশন। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা মুখ্য তোৰণ আৰু মূল মণ্ডপ উন্মোচন কৰে শ্ৰী শ্ৰী হাতীগড় মূলানী সত্ৰৰ সত্ৰাধিকাৰ চক্ৰেশ্বৰ দেৱ মহন্তই। ইয়াৰ পিচতে মূল পতাকা উত্তোলন কৰে পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণে ।
উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট ব্যক্তিসকল ক্ৰমে চাওলুং চুকাফা,সৰ্বানন্দ সিংহ,বীৰ ৰাঘৱ মৰাণ,সতী সাধনী,বীৰ চিলাৰায়,জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণু প্ৰসাদ ৰাভা,ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় । তিনিদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনা মুকলি সভাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে অধিবেশনখনৰ কতৃপক্ষই । উক্ত মুকলি সভাত উপস্থিত থাকিব অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট লেখিকা ডঃ ৰীতা চৌধুৰী।