ETV Bharat / state

ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ - প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩,৪৯,৫৫,৪৭১ টকা ব্যয় সাপেক্ষে চুকৰেটিং-শীতলপাটী গাঁৱত নিৰ্মাণ হ'বলগীয়া পথটো বে-আইনীভাৱে অন্য এটা স্থানলৈ স্থানান্তৰৰ অভিযোগ কৰে স্থানীয় ৰাইজে ।

Domdooma local people protest against illegal transfer of PM Charak Yojana Path
ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ
author img

By

Published : Jun 1, 2020, 3:53 PM IST

ডুমডুমা, 1 জুন: প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ বে-আইনীভাৱে স্থানান্তৰ কৰা বাবে সোমবাৰে ডুমডুমাত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ স্থানীয় লোকে । দৰাচলতে কাকজান গাঁও পঞ্চায়তৰ চুকৰেটিং-শীতলপাটী গাঁৱৰ বাবে অনুমোদন হোৱা এটা পথৰ নিৰ্মাণ কাৰ্য বৰডুবি গাঁও পঞ্চায়তত আৰম্ভ কৰাক কেন্দ্ৰ কৰি সোমবাৰে ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে চুকৰেটিং-শীতলপাটী গাঁৱৰ একাংশ ৰাইজে ।

ডুমডুমাৰ বাইপাছত টায়াৰ জ্বলাই পথ অৱৰোধ

লগতে পঢ়কঃ ৰাজ্যত পুনৰ 23 জনৰ দেহত কৰ'ণা ভাইৰাছ

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩,৪৯,৫৫,৪৭১ টকা ব্যয় সাপেক্ষে চুকৰেটিং-শীতলপাটী গাঁৱত নিৰ্মাণ হ'বলগীয়া পথটো বে-আইনীভাৱে অন্য এটা স্থানলৈ স্থানান্তৰৰ অভিযোগ কৰে স্থানীয় ৰাইজে । আনহাতে, প্ৰশাসনৰ অনুমতি অবিহনে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা বাবে পথ অৱৰোধস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হোৱাৰ পাছত উক্ত স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ইফালে,অতি শীঘ্ৰে চুকৰেটিং-শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাই অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে প্ৰতিবাদী লোকসকলে ।

লগতে চাওকঃ মে' মাহত মাৰুতিৰ বিক্ৰীত অভিলেখ সংখ্য়ক 86 শতাংশৰ হ্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.