শদিয়া, ১৭ মে': দেশজুৰি চলি থকা লক ডাউনৰ মাজতে এচাম অসাধু ব্যৱসায়ীয়ে নামি পৰিছে চুলাই, কানি, ড্ৰাগছকে ধৰি মাদক দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায়ত ৷ যাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে আটছাই উচ্ছেদ কৰে কেইবাটাও চুলাইৰ ঘাটি । উল্লেখ্য যে, শদিয়াৰ ডাঙৰী বনাঞ্চলৰ চেলেংগুৰী গাঁৱৰ সমিপত গঢ় লৈ উঠাছি কেইবাটাও চুলাইৰ ঘাটি ।
এই ঘাটিসমূহ উচ্ছেদ কৰিবলৈ স্থানীয় আৰক্ষী আৰু আবকাৰী বিভাগক সচেতন ৰাইজকে ধৰি চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা কাকপথাৰ উপ শাষা সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল । আৰক্ষী আৰু আবকাৰী বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো কোনোধৰণৰ কাৰ্যব্যৱস্থা হাতত নোলোৱাত আটছাই নিজা ববীয়াকৈ গ্ৰহণ কৰে চুলাইৰ ঘাটি উচ্ছেদ অভিযানত ৷ যাৰ বাবে দেওবাৰে অঞ্চলটোৰ চুলাই ঘাটি উচ্ছেদ কৰে সংগঠনটোৱে ।
আনহাতে, শীঘ্ৰে বনাঞ্চলখনত গঢ় লৈ উঠা চুলাইৰ ঘাটি সমূহ উচ্ছেদ নকৰিলে প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷