ETV Bharat / state

মহাদেৱপুৰত উদযাপন দেউৰী জনগোষ্ঠীৰ ১৪ সংখ্যক জয়দাম মেছু উৎসৱ

author img

By

Published : Feb 12, 2020, 11:10 AM IST

অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰত অনুষ্ঠিত দেউৰী জনগোষ্ঠীৰ ১৪ সংখ্যক জয়দাম মেছু উৎসৱত হেৰাই যোৱা সংস্কৃতিৰ সুবাস বিচাৰিছে, অসম-অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা দেউৰী লোকসকলে ৷

জয়দাম মেছু উৎসৱ
১৪ সংখ্যক জয়দাম মেছু উৎসৱ

মহাদেৱপুৰ, 12 ফেব্ৰুৱাৰীঃ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰত অনুষ্ঠিত হয় দেউৰী জনগোষ্ঠীৰ ১৪ সংখ্যক জয়দাম মেছু উৎসৱ ৷ অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলৰ লোক উৎসৱ জয়দাম মেছু উৎসৱত সমাহাৰ ঘটিছে দেউৰী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ ৷ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত দেউৰীসকলক একত্ৰীকৰণৰ প্ৰয়াসেৰে আয়োজন কৰি আহিছে দেউৰীসকলৰ আদিম দেৱতা জয়দাম পূজা ৷ য'ত দেউৰীসকলৰ সুকীয়া সংস্কৃতি বহন কৰা টেঙাপনীয়া, বৰগঞা আৰু ডিবঙীয়া এই তিনিটা ফৈদৰ লোকসকলৰ সমন্বয় ঘটিছে ৷

মহাদেৱপুৰত উদযাপন দেউৰী জনগোষ্ঠীৰ ১৪ সংখ্যক জয়দাম মেছু উৎসৱ

উৎসৱলৈ অসম-অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা দেউৰী লোকসকল উপস্থিত হৈ একেলগ হোৱাৰ লগতে হেৰাই যোৱা সংস্কৃতিৰ সুবাস বিচাৰিছে ৷ ১৪ সংখ্যক জয়দাম মেছু উৎসৱ উপলক্ষে আয়োজন কৰা মুকলি সভাত, বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়া, স্থানীয় বিধায়ক, সাংসদৰ লগতে দেউৰী সমাজৰ বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ৷

লগতে পঢ়কঃ ৰিক্সা চালকৰ বিবাহ নিমন্ত্ৰণ পত্ৰৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.