11 ফেব্ৰুৱাৰী: 26 জানুৱাৰী, 2022ত তিনিচুকীয়াৰ স্কাইলেণ্ড ৰিজৰ্টত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা ৷ পেৰাগ্লাইডিং কৰি থকাৰ সময়তে বিজুটি ঘটি হঠাৎ প্ৰায় ৩০০ ফুট ওপৰৰ পৰা সৰি পৰিল লখিমপুৰৰ যুৱক পংকজ গগৈ নামৰ এজন যুৱক (Paragliding accident of skyland resort) ৷ গুৰুতৰভাৱে আহত পংকজ গগৈক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যুক সাৱটি ল’লে যুৱকজনে ৷
ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেনচেটিভ জ'নত থকা স্কাইলেণ্ড নামৰ এই ৰিজৰ্টখনৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে বহু অভিযোগ ৷ অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই উদ্বোধন কৰা ৰিজৰ্টখনৰ স্বতাধিকাৰী সঞ্জয় দাস আৰু প্ৰসন্ন দাসৰ আছে বহু ৰাজনৈতিক নেতাৰে সুসম্পৰ্ক৷ কোনো ধৰনৰ চিকিৎসা সেৱা তথা সা-সুবিধা উপলব্ধ নথকা ৰিজৰ্টখনৰ সৈতে চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰো সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে ৷
মানুহৰ জীৱন মৃত্যুৰ প্ৰসংগ জড়িত হৈ থকা এক দুঃসাহসিক ক্ৰীড়াৰ জৰিয়তে মোনা ভৰাই ধন চপোৱা স্কাইলেণ্ড কৰ্তৃপক্ষৰ নাই গ্ৰাহকৰূপী মানুহৰ জীৱনৰ প্ৰতি অলপো দ্বায়িত্ববোধ ৷ এই অভিযোগ স্থানীয় দলসংগঠনৰ ৷ স্কাইলেণ্ডৰ অবৈধ ধনে চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা আৰু তেওঁৰ ঋতুপৰ্ণ বৰুৱাৰ পকেটতো স্থান পোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ সংগঠনে ৷
অসুৰক্ষিতভাৱে স্থাপন কৰা ৰিজৰ্টখন পূৰ্বতেও সংঘটিত হৈছিল বহুকেইটা দুৰ্ঘটনা । ফলত স্থানীয় লোকে বহুবাৰ লিখিত অভিযোগ দিছিল প্ৰসাশন আৰু মন্ত্ৰীক । ইয়াৰ পিছতো ৰাজনৈতিক আশিসধন্য ৰিজৰ্টখনৰ বিৰূদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত 26 জানুৱাৰীত প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ ২৬ জানুৱাৰীৰ ঘটনাৰ পিছতে তিনিচুকীয়া জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰিছিল যদিও এই পৰ্যন্ত মুকলি আকাশৰ তলতে আছে স্কাইলেণ্ডৰ নামত ডেথলেণ্ড স্থাপন কৰা দুই হাতদীঘল সঞ্জয় দাস আৰু প্ৰসন্ন দাস ৷
বিভিন্ন মহলে স্কাইলেণ্ডত মৃত্যু হোৱা পংকজ গগৈৰ ন্যায়ৰ দাবী জনাই অহাৰ সময়তে বৃহস্পতিবাৰে মৃত্যু উপত্যকা স্কাইলেণ্ডত উপস্থিত হ’ল পংকজ গগৈৰ পৰিয়াল ৷ ইতিমধ্যেই অবৈধ ৰিজৰ্টখনৰ বিৰুদ্ধে গুইজান থানাত পংকজ গগৈৰ পৰিয়ালে ৰুজু কৰিছিল গোচৰ ৷ কিন্তু ৰহস্যজনক কাৰণত ভাৰতীয় দণ্ডবিধি আইনৰ 287/304ৰ অধীনত ৰুজু হোৱা গোচৰটোৰ নাই কোনো শুংসুত্ৰ ৷ ফলত পংকজ গগৈৰ দুৰ্ভগীয়া পিতৃয়ে পুণৰ জনাবলগীয়া হ’ল মৃত পুত্ৰৰ ন্যায়ৰ দাবী ৷
ইয়াৰ পিছতে উদয় হৈছে অলেখ প্ৰশ্ন ৷ জীৱনৰ লগত ল’ৰা-ধেমালি খেলা স্কাইলেণ্ড নামৰ মৃত্যু উপত্যকাৰ বিৰুদ্ধে কেতিয়া প্ৰশাসনে ল’ব ব্যৱস্থা ? নে ৰাজনৈতিক শক্তিৰ প্ৰভাৱ থকাৰ বাবেই পুণৰ এজন পংকজ গগৈয়ে সাৱটি ল’বলগীয়া হ’ব অকাল মৃত্যুক ?
লগতে পঢ়ক: Paragliding accident of skyland resort: পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰি তিনিচুকীয়াত উপস্থিত হ’ল পিতৃ