ETV Bharat / state

Motok Students Protest: মটকসকলক জনজাতিকৰণ কৰিব নে নকৰে সেয়া স্পষ্ট কৰক

author img

By

Published : Jun 16, 2023, 7:34 PM IST

Updated : Jun 16, 2023, 8:42 PM IST

তিনিচুকীয়াত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ ৷ শাসকীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ সংগঠনটোৰ ৷ ‘‘ছয় জনজাতিকৰণ সন্দৰ্ভত বৈঠক হোৱা ছয়মাহ অতিক্ৰম হ’ল ৷ ছয় জনগোষ্ঠী জনজাতিকৰণ বিষয়টো কেৱল ৰাজনৈতিক মেৰপেচত সোমোৱাই ৰাখিছে ৷’’

Demand for sixth schedule
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ
মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

তিনিচুকীয়া,16 জুন: ‘‘80-82 টা বছৰে জনজাতি প্ৰদানৰ দাবীত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে প্ৰতিবাদ কৰি আহিছে ৷ ছয় জনজাতিকৰণ সন্দৰ্ভত বৈঠক হোৱা ছয়মাহ অতিক্ৰম হ’ল ৷ কিন্তু আমি চৰকাৰৰ পৰা কোনো ধৰণৰ বাৰ্তা নাপালো ৷ ছয় জনগোষ্ঠী জনজাতিকৰণ বিষয়টো কেৱল ৰাজনৈতিক মেৰপেচত সোমোৱাই ৰাখিছে ৷ কেৱল নিৰ্বাচনী বৈতৰণী পাৰ কৰিলৈ ব্যৱহাৰ কৰিছে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ৷ মটকসকলক জনজাতিকৰণ কৰিব নে নকৰে সেয়া স্পষ্ট কৰক চৰকাৰে ৷ বৈঠকত মৰাণ-মটক সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই বুলি কোৱাৰ পাছতো কিয় আজি নিমাত ! ’’ এই মন্তব্য সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সদস্যৰ ৷

অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰণৰ দাবীৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা, মটকসকলক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদান কৰা, ৰজাদিনীয়া ঐতিহাসিক কীৰ্তি চিহ্নসমূহ বেদখল মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা, তিনিচুকীয়া পৌৰসভাই ঐতিহাসিক ন-পুখুৰী পাৰত অবৈধভাৱে নিৰ্মাণ কৰা পকী দোকানসমূহ উচ্ছেদৰ দাবীত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷

তিনিচুকীয়া জিলাৰ অন্তৰ্গত বিভিন্ন জৰাজীৰ্ণ বাট-পথসমূহ নিৰ্মাণ আৰু মেৰামতিৰ ব্যৱস্থা , চৰকাৰী বিদ্যালয়সমূহত শিক্ষকৰ নিযুক্তি দিয়া, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমৰ পাঠদানৰ বিপৰীতে পূৰ্বৰ মাতৃভাষাৰ আধাৰতে শিক্ষাদানৰ ব্যৱস্থা কৰাৰ দাবী সংগঠনটোৰ ৷

ইফালে জিলাখনত অবৈধভাৱে চলি থকা ড্ৰাগছ, কানি , গাঞ্জা আৰু অবৈধ সুৰাৰ বেহা বন্ধ কৰাৰ ব্যৱস্থাৰো দাবী সংগঠনটোৰ ৷ পৰৱৰ্তী সময়ত উপৰোক্ত দাবী সম্বলিত এখন স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে সংগঠনটোৱে ৷ অতিশীঘ্ৰে উক্ত দাবীসমূহ সমাধান নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক:Manipur violence : গৃহত অগ্নিসংযোগৰ পিছত মণিপুৰলৈ উভতিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ সিং

Last Updated : Jun 16, 2023, 8:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.