শদিয়া, 1 জানুৱাৰী: নৱবৰ্ষৰ প্ৰথম দিনটোতে কাকপথাৰ চেলেংগুৰীত অচিনাক্ত বাহনৰ খুণ্ডাত নিহত এজন ৷ দুৰ্ঘটনাটোত ১ নং কাকপথাৰৰ হৰেণ ভূমিজ (25) নামৰ ব্যক্তি এগৰাকী নিহত হৈছে বুলি জানিব পৰা গৈছে ৷

ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনৰ সন্ধানত কাকপথাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ আনহাতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ বিভিন্ন প্ৰান্তৰ দৰে ধেমাজীতো আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় সমূহৰ পাঠদান