ETV Bharat / state

অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু

author img

By

Published : Aug 25, 2020, 3:29 PM IST

তিনিচুকীয়াৰ ছৈখোৱাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ অভিযোগ উত্থাপন হৈছে ৷ অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে দুটি কণমানিয়ে ৷

Death of two teenager from a culvert under construction in tinsukia assam etv bharat news
কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু

ডুমডুমা,25 আগষ্ট: তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী থানাৰ অন্তৰ্গত ছৈখোৱাৰ মিচিমিকটা গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ শদিয়া বিধানসভা সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাখীৰভেটী গাঁও পঞ্চায়তত ২০১৭-২০১৮ বিত্তীয় বৰ্ষতে আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনষ্ঠ পথ নিৰ্মাণৰ কাম ৷ চামগুৰি-মিচিমিকটা সংযোগী এই পথছোৱাৰ নিৰ্মাণকাৰ্য লেহেমীয়া হোৱাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ এই পথছোৱাৰ মাজতে দীৰ্ঘদিনে অৰ্ধনিৰ্মিত অৱস্থাত থকা এটা কালভাৰ্টত পৰি মঙলবাৰে কৰুণ মৃত্যুক আঁকোৱালি লৈছে দুগৰাকী কণমানিয়ে ৷ কণমানি দুগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷

কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু

উল্লেখ্য যে, উক্ত পথ নিৰ্মাণৰ দায়িত্বত ন্যস্ত আছিল শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ ঘনিষ্ঠ হিচাপে পৰিচিত তথা বিতৰ্কিত এইচ ডি এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো ৷ প্ৰতিষ্ঠানটোৱে পথ নিৰ্মাণত লেহেমীয়া কৰাৰ লগতে সংঘটিত কৰি আহিছিল ব্যাপক অনিয়ম ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী জাতীয় মহাসভাই ৷ লগতে জিলা প্ৰশাসনক প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি ভুক্তভোগীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ প্ৰতিষ্ঠানটো বিধায়কৰ আশীৰ্বাদপুষ্ট হোৱাৰ বাবে বাচি যাব নে প্ৰশাসনে উচিত তদন্ত গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওকঃ পৰ্যটনৰ সম্ভাৱনাৰে পুষ্ট বগৰীবাৰীৰ মা মহামায়া ধাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.