ETV Bharat / state

টেঙাগাঁও ককৰাটলি পথাৰৰ ৫ টা শগুনৰ মৃতদেহ উদ্ধাৰ - Talap kokoratoli

টেঙাগাঁও ককৰাটলি পথাৰৰ মাজত ৫টা বিলুপ্ত প্ৰায় শগুনৰ মৃত দেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত গৰু ভক্ষণ কৰাৰ বাবে শগুণকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

টেঙাগাঁও ককৰাটলি পথাৰৰ ৫ টা শগুনৰ মৃত দেহ উদ্ধাৰ

author img

By

Published : May 1, 2021, 10:31 AM IST

শদিয়া, 1 মে' : তিনিচুকীয়া জিলাৰ তালাপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টেঙাগাঁও ককৰাটলি পথাৰৰ মাজত ৫টা প্ৰকৃতিৰ চৰ্দাৰ হিচাপে পৰিচিত বিলুপ্ত প্ৰায় শগুনৰ মৃত দেহ উদ্ধাৰ কৰা হৈছে ৷ মৃত গৰু ভক্ষণ কৰাৰ বাবে শগুণকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

টেঙাগাঁও ককৰাটলি পথাৰৰ ৫ টা শগুনৰ মৃত দেহ উদ্ধাৰ

উল্লেখ্য যে, তালাপ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ মৃত গৰুটোৰ কাষতে চাহ বাগানত দিয়া বিষাক্ত দৰৱৰ বটল দেখা পোৱাত কোনো দুষ্ট চক্ৰই মৰা গৰুটোৰ গাত বিহ ঢালি দিয়াত এনে কাণ্ড সংঘটিত হৈছে বুলি ধাৰণা কৰিছে বন কৰ্মচাৰী তথা স্থানীয় ৰাইজে ৷

শগুনৰ এনেধৰণৰ অস্বাভাৱিক মৃত্যুত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে কাণ্ড সংঘটিত কৰা ব্যক্তি চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক: উগ্ৰপন্থী সংগঠনেৰে সম্পৰ্ক আছে ধুবুৰীত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.