শদিয়া, 19 আগষ্ট : ৰাজ্যৰ ভূমি সংৰক্ষণ বিভাগৰ ২২ লাখ টকাৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ জানিব পৰা মতে, ডিৰাক বৰমেচাই পথাৰৰ কৃষকৰ সুবিধাৰ্থে চৰকাৰে প্ৰদান কৰা ভূমি সংৰক্ষণ বিভাগৰ 2019-2020 বৰ্ষৰ SOPD আঁচনিখনৰ কাম অতি নিম্নমানৰ হোৱাৰ লগতে কাম সম্পূৰ্ণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়কঃ মাফিয়াৰ কবলত লামডিং বনাঞ্চল: নীৰৱ বন বিভাগ
তিনিচুকীয়াৰ প্ৰণৱ চেতিয়া নামৰ ঠিকাদাৰজনে উক্ত আঁচনিখনৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু এই আঁচনিৰ জৰিয়তে কৃষকৰ উপকাৰ হোৱাৰ বিপৰীতে কৃষকে কষ্টৰে কৰা খেতি-পথাৰ সমূহ বিনষ্ট হোৱা পৰিলক্ষিত হয় ৷ চৰকাৰী বিৱৰণ অনুসৰি নিৰ্মাণৰ কামত উন্নতমানৰ ইটা দিব লাগে যদিও ইয়াৰ বিপৰীতে অনুপযোগী শিল দিয়ে আঁচনিৰ কাম সমাপন কৰাৰ অভিযোগ কৰে ৰাইজে ৷ লগতে কাম সম্পূৰ্ণ হৈ এটা বৰ্ষ নহওঁতেই ড্ৰেন সমূহ ভাগি উৱলি যোৱা পৰিলক্ষিত হয় ৷
নদী বা সুঁতিটোৰে বৈ অহা পানী ড্ৰেনৰ জৰিয়তে পথাৰলৈ যাব লাগে যদিও ইয়াৰ ওলোটা কাৰ্য হে হয় ৷ বিধায়ক বলিন চেতিয়াৰ ঘনিষ্ঠ ঠিকাদাৰ প্ৰণৱ চেতিয়াই এই আঁচনিৰ ধনৰ আধা অংশও খৰছ নকৰি সম্পূৰ্ণ ধন মোকলাই বিয়াগোম দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷ এইগৰাকী দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ ওপৰত ৰাজ্যৰ বিয়াগোম বিভাগ তথা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে, সেইয়া হ'ব লক্ষণীয় ৷