ETV Bharat / state

বাঘজান কাণ্ড সন্দৰ্ভত দল সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By

Published : Jun 14, 2020, 5:43 PM IST

বাঘজান কাণ্ডৰ পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছতেই সম্বোধন কৰিব সংবাদমেল ৷

minister dharmendra pradhan visited baghjan
বাঘজান কাণ্ডৰ পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে

তিনিচুকীয়া , 14 জুনঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাঘজান অঞ্চল পৰিদৰ্শন কৰাৰ পাছতেই তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে ৷ উল্লেখযোগ্য যে , বাঘজানৰ ঘটনা সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী গৰাকী ৷ তথ্য অনুসৰি বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সংবাদ মেল সম্বোধন কৰিব ৷

শনিবাৰে বাঘজান কাণ্ডৰ পৰিস্থিতিৰ বুজ ল’বলৈ অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় প্ৰেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ দেওবাৰে বাঘজান অঞ্চলৰ ভুক্তভোগী লোক সকলৰ মাজলৈ গৈ পৰিস্থিতিৰ বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ইতিমধ্যে , অইল ইণ্ডিয়াই ক্ষতিগ্ৰস্ত সকলৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃকোৱাৰেন্টাইন কেন্দ্ৰত দুই যুৱতীৰ মন জুৰুৱা গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.