ETV Bharat / state

তিনিচুকীয়াত টেঙাজাতীয় শস্যৰ জৈৱ বৈচিত্র মেলা - Citrus farming

টেঙাজাতীয় ফলৰ খেতিৰ গুৰুত্বৰ ওপৰত ৰাইজৰ মাজত সজাগতাৰ বাবে সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প (ফল)ৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়-টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্রৰ উদ্যেগত তিনিচুকীয়া জিলাৰ গেলাপুখুৰীত টেঙাজাতীয় শস্যৰ জৈৱ বৈচিত্র মেলা ২০২৩ৰ আয়োজন কৰা হয় ।

Citrus Biodiversity fair
তিনিচুকীয়াত টেঙাজাতীয় শস্যৰ জৈৱ বৈচিত্র মেলা
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:16 PM IST

তিনিচুকীয়াত টেঙাজাতীয় শস্যৰ জৈৱ বৈচিত্র মেলা

তিনিচুকীয়া, ২ ডিচেম্বৰ : সৰ্বভাৰতীয় সমন্বিত গৱেষণা প্ৰকল্প (ফল)ৰ সহযোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়-টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্রৰ উদ্যেগত শনিবাৰে টেঙাজাতীয় শস্যৰ এখন জৈৱ বৈচিত্র মেলা অনুষ্ঠিত হয় । জিলাখনৰ টেঙাজাতীয় ফলৰ বিশাল আনুবংশিক বৈচিত্র্য প্ৰদৰ্শন আৰু ইয়াৰ সংৰক্ষণৰ গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে টেঙাজাতীয় ফলৰ বাগিছাৰ বৈজ্ঞানিক ব্যৱস্থাপনাত সহায় কৰিবলৈ এই মেলাৰ আয়োজন কৰা হয় ।

প্ৰদৰ্শনীত প্রায় ১০০ প্ৰকাৰৰ স্থানীয় আৰু বাণিজ্যিক টেঙাজাতীয় শস্য প্ৰদৰ্শন কৰা হয় । জিলাখনৰ ২০০ৰো অধিক কৃষকে এই মেলাত অংশগ্রহণ কৰে । এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ প্ৰকল্পৰ অধীনত তিনিদিনীয়া 'উদ্যোগ বিকাশ আৰু নাৰ্চাৰী ব্যৱস্থাপনা প্রশিক্ষণ'ত অংশগ্রহণ কৰা ৪০ গৰাকী প্রশিক্ষার্থীক প্রমাণপত্রও প্রদান কৰা হয় আৰু ৰোপণ সামগ্ৰী আৰু কৃষি সঁজুলিও প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয় ।

এই প্রদর্শনীত ১২ টা বিভিন্ন বিভাগ, সংস্থা, আত্মসহায়ক গোট, এফ পি চি আৰু কৃষি সামগ্রী ব্যৱসায়ীয়ে অংশগ্রহণ কৰে । টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্র, গেলাপুখুৰী, তিনিচুকীয়াৰ প্ৰধান বিজ্ঞানী আৰু প্ৰকল্পটোৰ প্ৰধান তদন্তকাৰী বিষয়া ড০ বিজিত কুমাৰ সাউদে আঁত ধৰা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকা । তেওঁ ভাষণত ভৱিষ্যত প্ৰজন্মৰ বাবে আনুবংশিক সম্পদ সংৰক্ষণ আৰু কৃষক আৰু সামগ্রিকভাৱে জিলাখনৰ আর্থ-সামাজিক অৱস্থা উন্নীত কৰাৰ ক্ষেত্ৰত টেঙাজাতীয় শস্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

মেলাত অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা (কৃষি) সঞ্চালক ড০ মৃণাল শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ, অসম চৰকাৰৰ কৃষি আয়োগৰ সদস্য ড০ নলিন কুমাৰ মোহন, জিলা কৃষি বিষয়া দীপক মেনা আৰু অন্যান্য বিভিন্ন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী আৰু কৃষি বিজ্ঞানীসকল উপস্থিত থাকে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে প্রদর্শনী আৰু প্রতিযোগিতা উদ্বোধন কৰে য'ত শ্রেষ্ঠ কৃষকক বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত ৪ গৰাকী প্ৰগতিশীল টেঙা কৃষক ক্ৰমে শশীধৰ চুতীয়া, অনন্ত চুতীয়া, পুতুল চুতীয়া আৰু বিপুল চুতীয়াক সম্বর্ধনা আৰু প্ৰশংসা পত্ৰৰে সন্মানিত কৰা হয় ৷

লগতে পঢ়ক :ছ্যু-কা-ফাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰি সৰুপথাৰত উদযাপন অসম দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.