ETV Bharat / state

অজয় ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Mar 14, 2021, 9:26 PM IST

দেওবাৰে 121 নং চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগুৰিত গুইজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ ৷ চাবুৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী বাঘেলে ৷

chhattisgarh-cm-bhupesh-baghel-election-campaign
ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

তিনিচুকীয়া,14 মাৰ্চ: তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত 121 নং চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগুৰিত গুইজান ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ চাবুৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনৰ হৈ প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সভাত মুখ্যমন্ত্ৰী বাঘেলে সমাগত নিৰ্বাচনত চাবুৱা বিধানসভা সমষ্টিটোৰ বাবে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী কোনো ফেক্টৰ নহয় বুলি মন্তব্য প্ৰদান কৰাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী অজয় ফুকন অহাৰ লগে লগেই বিজেপি দল চাবুৱাৰ পৰা পলাই যায় বুলি কটাক্ষ কৰে ৷

ইফালে উক্ত সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গানৰ জৰিয়তে কটাক্ষ কৰি শতাধিক ৰাইজক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে প্ৰাৰ্থী অজয় ফুকনে ৷ লগতে তেওঁ এইবেলি নিৰ্বাচনত চাবুৱা সমষ্টিটোত কেৱল নিৰ্দলীয় চিজিভি প্ৰাৰ্থী প্ৰিয়ংকা নেওগৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ’ব বুলি মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : ভবেন্দ্ৰ নাথ ভড়ালীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজনাথ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.