তিনিচুকীয়া,বঢ়মপুৰ, 9 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ সোমবাৰে মাজনিশা কেন্দ্ৰীয় চৰকাৰে লোকসভাত গৃহীত কৰে এই বিধেয়ক ৷ ইয়াৰ পাছতেই প্ৰতিবাদমুখী হৈ পৰে প্ৰতিজন নাগৰিকৰ লগতে দল-সংগঠন সকলো ৷ ইফালে,মঙলবাৰে এই বিধেয়কখন বাতিলৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা,সদৌ অসম ছাত্ৰ সন্থাই আহ্বন জনোৱা অসম বন্ধৰ সৰ্বাত্নক প্ৰভাৱ পৰে সমগ্ৰ অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো ৷ নামচাই জিলাৰ মহাদেৱপুৰ,ডিৰাকতো স্তব্ধ হৈ পৰে জনজীৱন ৷ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই নামচাই জিলাৰ বিভিন্ন প্ৰান্তত পথ বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ লগতে,আপছুৱে কেব কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ দিয়ে আৰু কেব গৃহীত হলেও কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৰ প্ৰতিজন সদস্যই ৷
অন্য এক খবৰৰ বাবে : নেছ'ৰ উত্তৰ পূৰ্বাঞ্চল বন্ধত স্তব্ধ বাণিজ্যিক চহৰ তিনিচুকীয়া
কামপুৰতো সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰে অসম বন্ধৰ ৷ প্ৰতিবাদকাৰীয়ে কামপুৰ কচুৱাৰ লংজাপ খেৰণি বজাৰত যাত্ৰীবাহী এখন টেম্প' জ্বলাই দি সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই বন্ধৰ মাজতেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামপুৰত সংবাদসেৱীসকলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত অঞ্চলটোৰ সকলো সাংবাদিকে অংশগ্ৰহণ কৰাৰ লগতে কামপুৰ তেতেলীসৰাৰ পাঁচ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি বিধেয়কখনৰ বিৰোধিত কৰে ৷