ETV Bharat / state

মনোজ তিৱাৰীয়ে ক'লে, "ভোট বিচাৰি আহিছো"

author img

By

Published : Mar 16, 2021, 5:32 PM IST

বিজেপিৰ তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি তিনিচুকীয়াত উপস্থিত হ'ল উত্তৰ-পূৱ দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰী । তিনিচুকীয়াৰ আইটিআই খেলপথাৰত হেলিকপ্তাৰেৰে আহি উপস্থিত মনোজ তিৱাৰী ৷

তিনিচুকীয়া উপস্থিত হৈয়ে মনোজ তিৱাৰীয়ে ক'লে, "ভোট বিচাৰি আহিছো"

তিনিচুকীয়া,16 মাৰ্চ: মঙলবাৰে বিজেপিৰ তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তিনিচুকীয়াত উপস্থিত হয় উত্তৰ-পূৱ দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰী । তিনিচুকীয়াৰ আইটিআই খেলপথাৰত হেলিকপ্তাৰেৰে আহি উপস্থিত তিৱাৰী ৷ ইয়াৰ পাচতে সংবাদ মাধ্যমৰ আগত আকৌ এবাৰ সঞ্জয় কিষাণৰ বাবে ৰাইজৰ ভোট বিচাৰি অহা বুলি মন্তব্য প্ৰকাশ কৰে বিজেপিৰ সাংসদ গৰাকীয়ে ৷

'যেতিয়াই আহোঁ তিনিচুকীয়াবাসীয়ে হিয়া উজাৰি মৰম দিয়ে । গতিকে আকৌ অসমত বিজেপি চৰকাৰ অহাটো নিশ্চিত' বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে হাই প্ৰফাইল বিজেপিৰ নেতাগৰাকীয়ে ৷

ইফালে, আৰজেডি দলৰ ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰে মনোজ তিৱাৰীয়ে ৷ তেওঁ কয়, বিহাৰত আৰজেডিৰ অত্যাচাৰ সহিব নোৱাৰি বহুলোকে ঘৰ-দুৱাৰ, মাটি-বাৰী এৰি পলায়ন কৰিবলগা হৈছিল । গতিকে আৰজেডিয়ে তিনিচুকীয়াত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷

সমান্তৰালভাৱে কংগ্ৰেছক কটাক্ষ কৰি তিৱাৰীয়ে কয়, "কংগ্ৰেছে নিজৰ কু-কৰ্মৰ বাবে আজি তিনিচুকীয়াত প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা আঁতৰত আছে । কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক, ভয়াতুৰ দল বুলি আখ্যা দিয়ে মনোজ তিৱাৰীয়ে ।

লগতে পঢ়ক: পৰ্যটকৰ বাবে বৃদ্ধি হ'ব পাৰে তাজমহলৰ টিকটৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.