ETV Bharat / state

ডিৰাক সোণজানত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন - বীৰ ৰাঘৱ মৰাণ

ডিৰাক সোণজানত ৰজা ৰামাকান্ত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বীৰ ৰাঘৱ মৰাণ দিৱস ৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷

Bir Raghav Moran Divas observed at Dirak
বীৰ ৰাঘৱ মৰাণ দিৱস
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:50 PM IST

বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

তিনিচুকীয়া, 19 নৱেম্বৰ : শোষিত নিষ্পেষিত সাধাৰণ প্ৰজাক 1769 চনতে সুপৰিকল্পিতভাৱে সংগঠিত কৰি স্বেচ্ছাচাৰী ৰাজতন্ত্ৰৰ কু-শাসনৰ বিৰুদ্ধে সৱল নেতৃত্ব দি গণবিপ্লৱৰ সূচনা কৰা মহানায়ক গৰাকীয়েই হ'ল বীৰ ৰাঘৱ মৰাণ ৷ অসীম বীৰত্ব, অসাধাৰণ সাংগঠনিক দক্ষতা, সংগ্ৰামী ৰণকৌশল, যুদ্ধ পৰিচালনাৰ দক্ষতা, স্বদেশ প্ৰেমৰ সমাহাৰত গঢ় লৈ উঠিছিল ৰীঘৱ মৰাণৰ বীৰত্বব্যঞ্জক সংগ্ৰামী সত্তা ৷ এই মহানায়ক গৰাকীক বিশ্বৰ দৰবাৰত চিনাকী কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখিয়ে বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত, অসম মৰাণ সভাৰ উদ্যোগত, মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ সহযোগত তথা সোণজান যুৱক সংঘ, সোণজান আদর্শ মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ আতিথ্যত ডিৰাক সোণজানত ৰজা ৰামাকান্ত সমন্বয় ক্ষেত্ৰত বীৰ ৰাঘৱ মৰাণ দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷

মৰাণ জনগোষ্ঠীৰ 6 টা সংগঠনৰ উদ্যোগত আয়োজন কৰা দিৱসটোৰ প্ৰথম কাৰ্যসূচী পুৱা মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে চিকিৎসক প্ৰণৱজ্যোতি দত্তই ৷ পৰৱৰ্তী কাৰ্যসূচী একাদিক্ৰমে ৰজা ৰামাকান্ত সমন্বয় ক্ষেত্ৰ উন্মোচন কৰে বৰ ডিৰাক মায়ামৰা টিপুক সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী কেশীনাথ মহন্তই ৷ তাৰ পাছতে মৰাণ জনগোষ্ঠীৰ 6 সংগঠনৰ সভাপতি সকলে নিজ নিজ সংগঠনৰ পতাকা উত্তোলন কৰে ৷

পৰৱৰ্তী কাৰ্যসূচী শহীদ তর্পণ আৰু বীৰ ৰাঘৱ মৰাণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মৰাণ জনগোষ্ঠীৰ 6 সংগঠনৰ সাধাৰণ সম্পাদকে ৷ কিছু সময়ৰ পাচতেই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বৰডিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ শিৱনাথ মহন্তই ৷ বীৰ নাহৰ খোৰা মুকলি মঞ্চ উদ্বোধন কৰে অসম মৰাণ সভাৰ প্ৰাক্তন সভাপতি দিপেন মৰাণে ৷ ইয়াৰ পাছতেই আৰম্ভ হ'য় বিভিন্ন প্ৰতিযোগিতা ৷

বিয়লি অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগে ৷ অসম মৰাণ সভাৰ ভাৰপ্ৰাপ্ত সভাপতি ভূলেন বৰুৱাই সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন ৷ লগতে বিশেষ বক্তা হিচাপে উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণ আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম মৰাণ সভাৰ উপদেষ্টা হিৰণ্য কুমাৰ দহোতীয়া ৷ অনুষ্ঠানৰ মুকলি সভাতেই স্মৃতিগ্ৰন্থ 'বীৰ ৰাঘৱ' উন্মোচন কৰা হয় ৷

লগতে পঢ়ক: ঘোগাত বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.