জোনাই, ১০ অক্টোবৰ: সদৌ অসম বাঙালী যুব-ছাত্ৰ ফেডাৰেচন আৰু ভূমি অধিকাৰ সুৰক্ষা মঞ্চৰ উদ্যোগত যোৱা ৮ অক্টোবৰত শদিয়া বিধানসভা সমষ্টিৰ খেৰবাৰী বিচনীমূখ গাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । ফেডাৰেচনৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজিত দেৱনাথে এক বিবৃতিত উল্লেখ কৰা মতে, শদিয়া বিধানসভা সমষ্টিৰ খেৰবাৰী বিচনীমূখ গাঁৱত বাঙালী যুৱ ছাত্ৰফেডাৰেচনৰ ছৈখোৱা আঞ্চলিক সমিতিৰ উপদেষ্টা বাবুল ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ সম্পাদক সুৰজ সৰকাৰে ।
উক্ত সভাত বসুন্ধৰা ২.০ আঁচনিৰ অধীনত আবেদন কৰি শদিয়া সমষ্টিত অতীজৰে পৰা বসবাস কৰা বাঙালী লোকসকলক মাটি পট্টাৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত অনুষ্ঠিত ৰাজহুৱা সভাত হাজাৰ হাজাৰ লোকে সংকল্প গ্ৰহণ কৰে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত যুগ যুগ ধৰি বসবাস কৰা বাঙালী হিন্দু লোকসকলৰ জলন্ত সমস্যা হিচাপে চিহ্নিত হোৱা অসম চৰকাৰৰ ভূমি বসুন্ধৰা আচনিৰ যোগেদি মাটি পট্টা দিয়াৰ ব্যবস্থা কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সময়ত সহজ সৰল লোকক ভুৱা আধাৰ কাৰ্ড দিয়াৰ নামত বায়'মেট্ৰিকক লৈ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত লোক সকলক অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ ব্যবস্থা কৰা, বিদেশী জাননী বন্ধ কৰা, 'ডি'ভোটাৰৰ নামত বাঙালী লোকক হাৰা-শাস্তি বন্ধ কৰাৰ দাবী জনায় ।
তেওঁলোকে ডিটেনচন কেম্পত আবদ্ধ ভাৰতীয় নাগৰিকক বিনাচৰ্তে মুকলি কৰি দিয়া, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) বাদপৰা প্ৰকৃত নাগৰিক হিন্দু বাঙালী সকলক নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিবলৈ সভাই অসম চৰকাৰক দাবী জনায় । উক্ত সভাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজিত দেৱনাথে কয় যে অখণ্ড ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হিন্দু-বাঙালী সকলৰ তেজৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিছে যদিও আজিও কিন্তু বাঙালী হিন্দুসকল যেন স্বাধীন হোৱা নাই । তেওঁ পুনৰ কয় যে বৃহত্তৰ অসমীয়া জাতি গঠনত হিন্দু-বাঙালী সকলৰ অৰিহণা বহুত আছে মনিৰাম দেৱানৰ লগত অগ্ৰনী ভূমিকা লোৱা মুক্তিয়াৰ মধু মল্লিক, বৃটিছৰ শাসনত গোৱালপাৰা জিলাত অসমীয়া ভাষাৰ প্ৰতিষ্ঠাপক আছিল প্ৰসন্ন ঘোষ তেনে বহু বাংলাভাষী অসমীয়াৰ নাম অসমৰ ইতিহাসত ৰঙীন আখৰৰ সন্নিবিষ্ট হৈ আছে ।
তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰি হিন্দু বাঙালী সকলক পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায় । অন্যথাই আগন্তুক দিনত লোকসভা নিৰ্বাচনত বাঙালী যুব ছাত্ৰ ফেডাৰেচন আৰু বাংলাভাষী ৰাইজ ঐক্যবদ্ধ হৈ বিজেপিৰ বিকল্প দলক ভোট প্ৰদান কৰিব বুলি তেওঁ সকীয়াই দিয়ে । বাঙালী সকলৰ জলন্ত-সমস্যা সমূহ আলোচনা কৰাৰ বাবে শীঘ্ৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসভাৰ আয়োজন কৰি অসমৰ জাতি জনগোষ্ঠীয় দল সংগঠন-ৰাজনৈতিক দলক আমন্ত্ৰণ কৰি সমস্যাৰ ওপৰত বৃহৎ জনমত গঢ়ি তোলাৰ লগতে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচীও ৰূপায়ন কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে ।
উক্ত সভাত ফেডাৰেচনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অশোক নাথ, তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি প্ৰমেশ দাস, নৰোত্তম সৰকাৰ,ৰাইচান বিশ্বাস,নিপেন্দ সৰকাৰ, ৰেবুল নমঃশূদ্ৰ ছৈখোৱা আঞ্চলিক সমিতিৰ সভাপতি নিখিল দেবনাথ ডুমডুমা আঞ্চলিক সমিতিৰ সভাপতি মিন্টু দে , ছৈখোৱা আঞ্চলিক সমিতিৰ সম্পাদক পিকু দাস ভোজপুৰী সমাজৰ চন্দন মাল্লাহ,সুৰেশ মাল্লাহ, ডুমডুমাৰ বিশিষ্ট ব্যক্তি টিঙ্কু নন্দীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:Amrit Kalash Yatra controversy: অমৃত কলহ যাত্ৰা কৰা কংগ্ৰেছৰ দুই নেতাক নিলম্বন