ETV Bharat / state

পুনৰ প্ৰতিবাদমুখৰ হ’ল বাঘজান - বাঘজান কাণ্ড শেহতীয়া তথ্য

পুনৰ প্ৰতিবাদমুখৰ পৰিৱেশ বাঘজান ইপিএচত । বাঘজান-দীঘলটৰংবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণৰ দাবীত গ্ৰহণ কৰিলে ধৰ্ণা কাৰ্যসূচী । ক্ষতিপূৰণ বিচাৰি অইল ইণ্ডিয়া লিমিটেডৰ (OIL) মুখ্য প্ৰবন্ধক বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে প্ৰতিবাদকাৰী ৰাইজে ।

baghjan-victims-goes-for-protest-demanding-compensation
এই বাৰ বাঘজানত প্ৰতিবাদৰ জুই
author img

By

Published : Jul 12, 2021, 7:01 PM IST

তিনিচুকীয়া, 12 জুলাই : ক’ভিড মহামাৰীৰ তাণ্ডৱৰ মাজতে, দেওবাৰে বাঘজান-দীঘলটৰং বাসী ৰাইজে প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত ১নং বাঘজান গাঁও প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা বাঘজান ইপিএচ (Baghjan EPS) লৈ পদযাত্ৰা কৰি ইপিএচৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে ৷ বাঘজান কাণ্ড (Baghjan fire issue)ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ (proper compensation) প্ৰদানৰ দাবীত এই বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

এই বাৰ বাঘজানত প্ৰতিবাদৰ জুই

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ ১৪ জুলাইৰ ভিতৰত তেওঁলোকৰ দাবী মানি ল’বলৈ আহ্বান জনায় প্ৰতিবাদকাৰী সকলে । অন্যথা অনাগত দিনত বাঘজান অঞ্চলত অইল ইণ্ডিয়া লিমিটেড ( Oil India Limited)ৰ কাম-কাজ তথা উৎপাদন সম্পূৰ্ণ বন্ধ কৰিব বুলি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিয়ে প্ৰতিবাদকাৰী ৰাইজে । বাঘজান কাণ্ডক লৈ কৰা এক জৰীপৰ তথ্য অনুসৰি, বাঘজান কাণ্ডত প্ৰায় ১৬০০ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল ।

ক্ষতিগ্ৰস্ত সকলৰ ভিতৰত কেৱলমাত্ৰ ৬১২ টা পৰিয়ালেহে ক্ষতিপূৰণৰ নামত আগধন হিচাপে কিছু টকা পাবলৈ সক্ষম হ'ল । কিন্তু, বাকী থকা প্ৰায় ১০০০ পৰিয়ালৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো গুৰুত্ব দিয়া নাই অইল কৰ্তৃপক্ষই ।

ইয়াৰ বাবে বাঘজান-দীঘলটৰংবাসীয়ে বাৰে বাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। বিগত সময়চোৱাত ক্ষতিপূৰণৰ বাবে দাবী জনাই আহিছে যদিও আজিলৈকে অইল কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত । অনাগত সময়ত এই সকল ক্ষতিগ্ৰস্ত পৰিয়ালে ক্ষতিপূৰণ লাভ কৰিবনে নকৰে নে পৰৱৰ্তী সময়তো এইসকল দুৰ্ভগীয়া লোকৰ সমস্যা সমস্যা হৈয়েই ৰ’ব সেইয়া হ’ব লক্ষণীয়।

লগতে পঢ়ক : নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.