ETV Bharat / state

বাঘজানলৈ যোৱা প্ৰৱেশদ্বাৰ অৱৰোধ নতুন ৰঙাগড়াবাসীৰ

author img

By

Published : Dec 5, 2020, 8:43 PM IST

শনিবাৰে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চল নতুন ৰঙাগড়াবাসী ৰাইজে ক্ষতিপূৰণৰ বিছাৰি বাঘজানলৈ যোৱা প্ৰৱেশদ্বাৰত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে । নতুন ৰঙাগড়াবাসী ৰাইজৰ ক্ষতিপূৰণৰ সন্দৰ্ভত যোৱা ৪ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত আলোচনা কৰিবলৈ মাতিছিল যদিও আলোচনা নাকচ কৰে । তাৰেই ক্ষোভতে আজি উত্তেজিত হৈ পৰে নতুন ৰঙাগড়াবাসী ৰাইজ ।

বাঘজানলৈ যোৱা প্ৰবেশদ্বাৰ অৱৰোধ নতুন ৰঙাগড়াবাসীৰ

তিনিচুকীয়া,5 ডিচেম্বৰঃ বাঘজানৰ জুই নিৰ্বাপিত হ’ল কিন্তু নিৰ্বাপিত নহ’ল বাঘজানবাসী মনৰ জুই কোৰা ৷ চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই যেন বাঘজানবাসীৰ সমস্যা সমূহ সামাধান কৰাত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে ৷ তাৰ পৰিপ্ৰেক্ষিততে শনিবাৰে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চল নতুন ৰঙাগড়াবাসী ৰাইজে ক্ষতিপূৰণৰ বিছাৰি বাঘজানলৈ যোৱা প্ৰৱেশদ্বাৰত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে ।

নতুন ৰঙাগড়াবাসী ৰাইজৰ ক্ষতিপূৰণৰ সন্দৰ্ভত যোৱা ৪ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত আলোচনা কৰিবলৈ মাতিছিল, যদিও আলোচনা নাকচ কৰে । তাৰেই ক্ষোভতে আজি উত্তেজিত হৈ পৰে নতুন ৰঙাগড়াবাসী ৰাইজ । ইয়াৰ পিছতো ক্ষতিপূৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তীব্ৰ প্ৰতিবাদ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে ভুক্তভোগী ৰাইজে ।

ইফালে অৱৰোধ কাৰ্যসূচী নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰে । লাঠি চালনাৰ ফলত প্ৰায় শতাধিক লোক আহত হোৱাৰ লগতে এগৰাকী গুৰুতৰভাৱে আহত হয় । প্ৰতিবাদকাৰী সকলে জানিব দিয়া মতে, মানুহৰ ঘৰৰ ভিতৰত সোমাই লাঠি প্ৰহাৰ কৰে আৰক্ষী বাহিনীয়ে । লাঠি চালনাৰ ফলত এগৰাকী দণ্ডাধীশো আহত হয় বুলি অভিযোগ তুলিছে প্ৰতিবাদকাৰী সকলে । কিন্তু প্ৰশাসনিক বিষয়াই জানিব দিয়া মতে প্ৰতিবাদকাৰী সকলে শিলগুটি নিক্ষেপ কৰে প্ৰশাসনিক বিষয়া গৰাকীলৈ । আনহাতে যোৱা নিশা নতুন ৰঙাগড়াবাসী ৰাইজে দলঙৰ ওপৰত থকা আৰক্ষীৰ এটা কেম্প জ্বলাই দিয়াৰ অভিযোগতে প্ৰায় ১৮ গৰাকীকৈ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে ৷ এতিয়া সকলোৰে মনত এটা প্ৰশ্নৰ অৱতাৰণা হৈছে, নতুন ৰঙাগড়াবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাবলৈ সক্ষম হ'বনে ?

লগতে পঢ়কঃ কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ নিখিল ভাৰত কৃষক সভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.