ডুমডুমা , 28 মে' : তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰীৰ পৰা বিজুলীবন হৈ পেঙেৰীলৈ যোৱা 16 কিলোমিটাৰ পথৰ প্ৰায় 7 কিলোমিটাৰ দৈৰ্ঘৰ এটা অংশৰ বিধ্বস্ত অৱস্থাই জ্বলা কলা খুৱাইছে অঞ্চলবাসীক । প্ৰায় দুকুৰি গাঁৱৰ যোগাযোগৰ একমাত্ৰ ভৰসা এই পথছোৱা মেৰামতিৰ অভাৱত এতিয়া পথৰ মাজত পুখুৰী সদৃশ দ' গাঁতৰ সৃষ্টি হৈছে ৷ যাৰ ফলত পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ অহা-যোৱাত আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে । পথছোৱা মেৰামতিৰ দাবীত ডুমডুমা তথা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পাচতো পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।
এই পথটো 2018 বৰ্ষত বুঢ়ীদিহিং- বৰডুমছাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 74 সংখ্যক অধিৱেশনৰ আগমুহূৰ্তত আদৰণি সমিতিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক ভাস্কৰ শৰ্মাই পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু সম্পূৰ্ণকৈ ভাঙি যোৱা প্ৰায় সাত কিলোমিটাৰ পথত পাঁচগাড়ী শিল পেলায়েই এই দ্বায়িত্ব সামৰে । বৰ্তমানলৈকে প্ৰতিশ্ৰুতিৰ প্ৰায় ডেৰ বছৰ অতিক্ৰম কৰা পৰিৱৰ্তনৰ মূলমন্ত্ৰৰে শাসনৰ গাদীত বহা জনপ্ৰতিনিধিক স্থানীয় ৰাইজে অতি সোনকালে এই পথছোৱা পুনৰ নিৰ্মাণ কৰি যাতায়তৰ উপযোগী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ।