ETV Bharat / state

Protest in Doom Dooma: ডুমডুমা আৰক্ষীৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ - Demand for rescue of missing student

ডুমডুমা আৰক্ষী বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আটছা নেতা-কৰ্মীৰ । নিৰুদ্দেশ হোৱা ৯ বছৰীয়া ছাত্ৰীৰ সন্ধান উলিয়াব নোৱাৰাত ডুমডুমা আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠে আটছা । লগতে ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীতো সাব্যস্ত কৰে প্ৰতিবাদ ।

ATTSA protest against Doom Dooma police
ডুমডুমা আৰক্ষী বিৰুদ্ধে আটছাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:18 PM IST

Updated : Nov 9, 2023, 4:33 PM IST

ডুমডুমা আৰক্ষী বিৰুদ্ধে আটছাৰ প্ৰতিবাদ

তিনিচুকীয়া,৯ নৱেম্বৰ: ডুমডুমা আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল আটছা । এগৰাকী ছাত্ৰী নিৰুদ্দেশক ক্ষোভ প্ৰকাশ আটছা । কেৱল যান-বাহনৰ জৰিমনা বিহাতেই ডুমডুমা আৰক্ষী ব্যস্ত হৈ থকাৰ অভিযোগ উত্থাপন কৰে আটছা নেতা-কৰ্মীয়ে । ইয়াৰোপৰি ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছা কৰ্মকৰ্তাই ।

প্ৰতিবাদকাৰীসকলে জনোৱা অনুসৰি, দুৰ্গা পূজাৰ সময়তে নিৰুদ্দেশ হৈছিল ৰৌশনী শ্বাহ নামৰ ৯ বছৰীয়া এগৰাকী ছাত্ৰী । কিন্তু আজি পৰ্যন্ত ছাত্ৰীগৰাকীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে ডুমডুমা আৰক্ষীয়ে । সেয়ে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আটছা কৰ্মকৰ্তাসকলে । ডুমডুমাত আৰক্ষীয়ে কেৱল যান-বাহন ধৰিবলৈয়ে দায়িত্ব পালন কৰি আছে বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে অতিশীঘ্ৰে কনমানিগৰাকীক বিচাৰি উলিয়াব নোৱাৰিলে অনাগত দিনত পথ অৱৰোধ কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আটছাই । ইয়াৰোপৰি ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত ডুমডুমা ৰাজহ চক্ৰ কাৰ্য়ালয়ৰ সন্মুখত আটছাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ২০২৪ চনত নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি কোৱা মহাবিদ্যালয়খনৰ আজিপৰ্যন্ত নিৰ্মাণকাৰ্য আগবঢ়াই নাই বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷

নিৰ্মাণকাৰী ঠিকাদাৰে অতিশীঘ্ৰে নিৰ্মাণকাৰ্য সম্পূৰ্ণ নকৰিলে অনাগত সময়ত চৰকাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি সোঁৱৰাই দিয়ে প্ৰতিবাদকাৰী আটছা নেতা-কৰ্মীয়ে । ৰাঘৱ মৰাণ মহাবিদ্যালয় অতিশীঘ্ৰে নিৰ্মাণ কৰক, ৰৌশনী শ্বাহৰ সন্ধান দিয়ক, অসম আৰক্ষী হায় হায় আদি বিভিন্ন শ্ল’গানেৰে ডুমডুমাৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: Wooden bridge for communication: চৰকাৰৰ সময় নাই, গাঁৱৰ ৰাইজে গাঁঠিৰ ধন ভাঙি সাজিলে দলং

Last Updated : Nov 9, 2023, 4:33 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.