ETV Bharat / state

ধলা ছৈখোৱাত আছুৰ বিশাল গণ সমাৱেশ

author img

By

Published : Aug 18, 2021, 10:50 PM IST

ধলা ছৈখোৱাৰ হাতীঘূলীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ছৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত ছৈখোৱাৰ বিভিন্ন দল সংগঠনৰ সহযোগত এক বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বান-গৰাখহনীয়া সমস্যা সমাধানৰ লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ দাবীত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী ৷

assu protest
ধলা ছৈখোৱাত আছুৰ বিশাল গণ সমাৱেশ

শদিয়া, 18 আগষ্ট : শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলা ছৈখোৱাৰ হাতীঘূলীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা ছৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত ছৈখোৱাৰ বিভিন্ন দল সংগঠনৰ সহযোগত এক বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বান-গৰাখহনীয়া সমস্যা সমাধানৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ দাবীত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী ৷

ধলা ছৈখোৱাত আছুৰ বিশাল গণ সমাৱেশ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ লগতে ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই শীঘ্ৰেই বান-গৰাহনীয়া সমস্যা সমাধানৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক দাবী জনায়। সমান্তৰালভাৱে প্ৰতি বছৰে কোটি কোটি টকা উক্ত মথাউৰিসমূহ নিৰ্মাণৰ বাবে ধন আৱন্টন দিয়া হয় যদিও বিয়াগোম দুৰ্নীতি, কেলেংকাৰী হৈ অহাৰো অভিযোগ কৰে আছুৰ নেতৃ্ত্বই ৷

অতি সোনকালে শদিয়া বিধানসভা সমষ্টিৰ বানপীড়িত অঞ্চলত মথাউৰি নিৰ্মাণ নকৰিলে আছুৰ উদ্যোগত সমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠন, স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে তিনিচুকীয়া জিলাৰ আছুৰ নেতৃত্বই ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক আছু কৰ্মীৰ লগতে সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে ৷ আছুৰ কৰ্মীসকলে হাতে হাতে প্লে'কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক:বাছ সেৱা মুকলি কৰাৰ দাবীত তেজপুৰত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.