শদিয়া,২০ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শনিবাৰে কাকপথাৰত আছুৱে এক বৃহৎ মটৰ চাইকেল সমদল বাহিৰ কৰে ৷ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা কাকপথাৰ চহৰ হৈ শতাধিক মটৰ চাইকেলে বিভিন্ন গাঁও পৰিভ্ৰমণ কৰিব সমদলটোৱে ৷ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিতু ডেকাই উদ্বোধন কৰা সমদলটোৱে বিজেপি চৰকাৰ হুঁচিয়াৰ, বলিন চেতিয়া গ' বেক, আছু জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে কাকপথাৰৰ পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক: ইউপিপিএলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতিৰ বিপিএফত যোগদান