শদিয়া, 1 ডিচেম্বৰ : ডুমডুমা প্ৰেছ ক্লাৱত মঙলবাৰে শুভমুক্তি লাভ কৰে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসমীয়া চুটি ছবি ‘The Dodo’ই(Assamese short film The Dodo released) ৷ মাত্ৰ দুটি চৰিত্ৰ বিশিষ্ট চুটি ছবিখনৰ মাধ্যমেৰে বান বিধ্বস্ত এটা দুখীয়া পৰিয়ালৰ জীৱন সংগ্ৰাম, ঘাত-প্ৰতিঘাতক প্ৰতিফলিত কৰা হৈছে ।
বানবিধস্ত পৰিয়ালৰ লোকসকলৰ নামত আৱণ্টিত বাজেটৰ ধন মধ্যভোগীসকলে আত্মসাৎ কৰি বিলুপ্তপ্ৰায় ড’ড’ পক্ষীৰ দৰে নিঃশেষ কৰিব খোজা নিৰ্মম বাস্তৱিকতাক চুটি ছবিখনৰ মাধ্যমেৰ তুলি ধৰিব বিচৰা হৈছে । ‘The Dodo’ ছবিখনে ইতিমধ্যে কেৰেলাৰ অনুষ্ঠিত ক’চিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ(Cochin International Film Festival)ত ‘Best Concept Short Film Award’ লাভ কৰিবলৈ সক্ষম হৈছে ৷
প্ৰাচুৰ্য প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন ৷ ছবিখনৰ প্ৰযোজনাত আছে মজিন মৰাণ, পৰিচালনা কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড৹ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ নাট্যকলা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ তথা নৱ যুৱ-পৰিচালক পিংকু মৰাণে ।
ডুমডুমা প্ৰেছ ক্লাৱত আয়োজন কৰা এক অনুষ্ঠানত ‘প্ৰাচুৰ্য প্ৰডাকশ্যন’ নামৰ এটা ইউটিউব চেনেলৰো শুভাৰম্ভণি কৰে ছবিখনৰ পৰিয়ালবৰ্গই । শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে চুটি ছবি The Dodoৰ পৰিয়ালৰ লগতে জেষ্ঠ সাংবাদিক তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা ৷
এতিয়াৰে পৰা শুভাৰম্ভণি কৰা ‘প্ৰাচুৰ্য প্ৰডাকশ্যন’ ইউটিউব চেনেলত চুটি ছবিখনৰ লগতে এই প্ৰডাকশ্যনৰ ন ন সৃষ্টিসমূহ উপভোগ কৰিব পাৰিব দৰ্শকসকলে । ছবিখনৰ প্ৰয়োজক মজিন মৰাণে ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, প্ৰাচুৰ্য প্ৰডাকশ্যনৰ পূৰ্ণদৈঘ্যৰ বোলছবি ‘অঘৰী বতাহৰ সপোন’ৰ বৰ্তমান সম্পাদনাৰ কাম চলি আছে আৰু ‘ৰাগি’ নামৰ আন এখন চুটি ছবিৰ চিত্ৰগ্ৰহণৰ কাম অব্যাহত আছে ৷
লগতে পঢ়ক : মিচিং জনগোষ্ঠীয় বিগ বাজেট ছবি ‘Makkorang’ৰ শুভ মহুৰত