ETV Bharat / state

Assam Ethanol Production: ইথানল উৎপাদনৰ বাবে ৰাজ্যত স্থাপন হ’ব 60 লাখ বেম্বু নাৰ্ছাৰী - Ethanol plants in Assam

ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব ইথানল উৎপাদন প্ৰক্ৰিয়া (Ethanol production in Assam) ৷ যাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহু কেইটা অভিলাষী প্ৰকল্প ৷ ইথানল উৎপাদনৰ বাবে অসমত 60 লাখ বেম্বু নাৰ্ছাৰী স্থাপন কৰিব চৰকাৰে ৷

Assam Ethanol Production
ইথানল উৎপাদনৰ বাবে ৰাজ্যত স্থাপন হ’ব 60 লাখ বেম্ব নাৰ্ছাৰী
author img

By

Published : Feb 17, 2023, 8:30 PM IST

ইথানল উৎপাদনৰ বাবে ৰাজ্যত স্থাপন হ’ব 60 লাখ বেম্ব নাৰ্ছাৰী

তিনিচুকীয়া, 17 ফেব্ৰুৱাৰী: ৰাজ্যত স্থাপন কৰা হ’ব 60 লাখ বেম্বু নাৰ্ছাৰী (Bamboo nursery for ethanol production), উজনিত স্থাপন হ’ব 12 টা বেম্বু গুদাম ৷ ইয়াৰ লগে লগেই ৰাজ্যত সহজলভ্য হৈ পৰিব ইথানল উৎপাদন ৷ ইতিমধ্যেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰই অসমৰ বিভিন্ন স্থানত ইথানল প্ৰকল্প, বেম্বু নাৰ্ছাৰী আৰু বেম্বু গুদাম স্থাপনৰ আঁচনিও গ্ৰহণ কৰিছে ।

উল্লেখ্য যে, ফিনলেণ্ডৰ কাৰিকৰী প্ৰযুক্তিৰ সহায়ত ভাৰতৰ বিভিন্ন ঠাইত বাঁহ, ধান খেৰ, চাউল আদি সামগ্ৰীৰে ইথানল উৎপাদন প্ৰক্ৰিয়া (Ethanol production in India) আৰম্ভ হৈছে । এইক্ষেত্ৰত অসমো পিচ পৰি ৰোৱা নাই ৷ সৌ সিদিনালৈকে পেট্ৰ'লত ইথানল সংমিশ্ৰণ প্ৰক্ৰিয়া বহুতৰে বাবে সপোন হৈ পৰিছিল । কিন্তু এতিয়া এয়া বাস্তবায়িত হোৱাৰ পথত । পেট্ৰ’লচালিত বাহনখনত এতিয়াৰে পৰা ব্যৱহাৰ কৰিব পৰা হ’ব বাঁহ, ধান খেৰ, চাউল আদিৰ পৰা উৎপাদিত ইথানল (Ethanol production in Assam) ।

ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ অভিলাষী আঁচনি । অসমত প্ৰাৰম্ভিক অৱস্থাত 7 টা ইথানল প্ৰকল্প স্থাপন হ'ব আৰু এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় বাঁহৰ চাহিদা পূৰণৰ বাবে ৰাজ্যত স্থাপন কৰা হ'ব 60 লাখ বেম্বু নাৰ্ছাৰী । এই বেম্বু নাৰ্ছৰীসমূহ স্থাপনৰ বাবে কেন্দ্ৰই ব্যয় কৰিব 9 কোটি টকা । কেৱল বেম্বু নাৰ্ছাৰীয়ে নহয়, উজনি অসমত স্থাপন হ'ব ১২ টা বেম্বু গুদামো (Assam Ethanol Production) ।

ইথানল উৎপাদনৰ বাবে অসমৰ 19 টা প্ৰজাতিৰ বাঁহ ইতিমধ্যে চিনাক্ত কৰা হৈছে । পৰ্যায়ক্ৰমে ধান খেৰ, চাউল আদি সামগ্ৰীৰ পৰাও পৰীক্ষামূলকভাৱে উৎপাদন কৰা হ’ব ইথানল । অৱশ্যে এনে পৰিকল্পনাৰ মাজত ইতিপূৰ্বে ৰাজ্যৰ পেট্ৰ'ল পাম্পসমূহত পেট্ৰ'লৰ সৈতে 20 শতাংশ ইথানল সংমিশ্ৰণৰ কাম আৰম্ভ হৈছে । ইথানল প্ৰকল্পৰ সমান্তৰালকৈ ডিগবৈ আৰু নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ কামো আৰম্ভ কৰিব চৰকাৰে (Ethanol plants in Assam) ।

নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা পূৰ্বৰ 3 মিলিয়ন টনৰ পৰা 9 মিলিয়ন টন কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই (Assam refinery) । ইয়াৰ বাবে প্ৰয়োজনীয় খাৰুৱা তেল ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰাৰ বাবে স্থাপন কৰা হ’ব 1700 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন । একেদৰে ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধিৰ বাবেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা 1 মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে ।

ঐতিহাসিক শোধনাগাৰটোৰ কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে ডিগবৈত 27 বিঘা মাটি অধিগ্ৰহণ কৰা হৈছে ৷ তিনিচুকীয়াত এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

লগতে পঢ়ক: Labourers missing in Ledo coal mine: কি হ’ল প্ৰাঞ্জলৰ; প্ৰশাসনৰ ভূমিকাত সন্দেহ তিনিচুকীয়াৰ দল-সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.