ETV Bharat / state

Protest in Tinsukia: জনজাতিকৰণৰ দাবীত উত্তাল তিনিচুকীয়া

তিনিচুকীয়াত জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত ধৰ্ণা (Protest in Tinsukia)। জনজাতিকৰণ নহ'লে অৰ্থনৈতিক অৱৰোধ, গুৱাহাটীত আৰু দিল্লীত প্ৰতিবাদৰ হুংকাৰ ।

Assam Moran Sabha protest at Tinsukia
তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত ধৰ্ণা
author img

By

Published : Mar 27, 2023, 10:02 PM IST

তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত ধৰ্ণা

তিনিচুকীয়া, ২৭ মাৰ্চ: অসম মৰাণ সভাৰ উদ্যোগত জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনে সোমবাৰে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Assam Moran Sabha protest at Tinsukia)। তেওঁলোকে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্য়স্ত কৰে ।

উক্ত প্ৰতিবাদৰ সময়ত মৰাণ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰক, জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব, মৰাণ জনগোষ্ঠীক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসন প্ৰদান কৰক, জনজাতিকৰণ আমাৰ ন্যায্য দাবী, আমাৰ ন্যায্য দাবী আমাক প্ৰদান কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে (Demand for SC of Maran community) ৷ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে মৰাণ জনগোষ্ঠীক যদি অতি সোনকালে জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান নকৰে তেন্তে ইয়াৰ পিছতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰীসকলে সঁকীয়াই দিয়ে ।

পৰৱৰ্তী প্ৰতিবাদী কাৰ্যসূচী অনুসৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত,অৰ্থনৈতিক অৱৰোধ,গুৱাহাটীত আৰু দিল্লীত অসম মৰাণ সভা,সদৌ মৰাণ ছাত্ৰ সন্থা,মৰাণ জাতীয় মহিলা পৰিষদৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠন আৰু মৰাণ জনগোষ্ঠীয় ৰাইজৰ সহযোগত প্ৰতিবাদ কৰা হ'ব বুলি সংগঠনটোৱে সকীয়াই দিয়ে (All Moran Students Union protest in Tinsukia) ৷

ইপিনে, অসম মৰাণ সভাৰ উদ্যোগত জনগোষ্ঠীটোৰ আটাইকেইটা সংগঠনৰ সহযোগত মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখতো উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ডুমডুমা মহাবিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত জনগোষ্ঠীটোৰ দুই শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।

মৰাণ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি আহিছে । চৰকাৰে নিৰ্বাচনৰ আগমুহুৰ্তত নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগমুহুৰ্তত মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসচীভুক্ত স্বায়ত্তশাসন প্ৰদান নকৰিলে মৰাণ জনগোষ্ঠীৰ আজন্ম অধিকাৰ চৰকাৰৰ পৰা আজুৰি আনিবলৈ জনগোষ্ঠীটোৰ প্ৰতিগৰাকী লোকে তেজ দিবলৈ সাজু বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক:Preparation for Rangali bihu: নাচনীৰ মন বলিয়া কৰিবলৈ বাইহাটাৰ জয়ন্তই এইবাৰো সাজিছে ম’হৰ শিঙৰ পেঁপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.