মাৰ্ঘেৰিটা 24 এপ্ৰিলঃ লক ডাউনৰ অপূৰ্ব সৃষ্টি বহুতেই ভৱাতকৈ অলপ ব্যতিক্ৰমী চিন্তাৰে কৰা এটা নতুন কাম ৷ যি কাম দেখি প্ৰশংসা কৰিছে ইউনিচেফৰ দৰে বিশ্বৰ অগ্ৰণী সংগঠনে ৷ প্ৰকৃতি প্ৰেমী এজন যুৱক,এই যুৱকজনৰ হাতৰ পৰশত নিৰ্জীৱ শিলত প্ৰাণ পাই উঠিছে এটাৰ পিচত আনটো শিল্প ৷ বন্যপ্ৰাণী ভালপোৱা ডিগবৈ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞানৰ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰ নিৰঞ্জন নায়কে এটুকুৰা শিলত অংকণ কৰিছে বিভিন্ন পখিলা,তথা পক্ষীৰ চিত্ৰ ৷
লক ডাউনৰ এই জটিল সময়ত ডুমডুমাৰ ৰূপাই চাইডিংৰ মানখোৱা চাহ বাগিচাত থকা নিজৰ বাসগৃহত গৃহবন্দী হৈ নিৰঞ্জন এতিয়া ব্যস্ত সৰু বৰ শিলত প্ৰকৃতি আৰু চৰাইৰ মনোমোহা চিত্ৰ অংকনত ৷ নদীৰ বুকুৰ পৰা বুটলি অনা মসৃন শিল বোৰক পৰিস্কাৰ কৰি ৰঙেৰে বুলাই নিৰঞ্জনে আঁকি গৈছে এটাৰ পিচত এটা মনোমোহা চৰাই আৰু প্ৰকৃতিৰ মনোমোহা ছবি ৷ নিৰঞ্জনৰ এই ব্যতিক্ৰমী কাৰ্যই চ'ছিয়েল মিডিয়াতো ইতিমধ্যেই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ আন্তৰাষ্ট্ৰীয় সংগঠন ইউনিচেফৰ ভাৰতীয় শাখাইমান্যতাৰে প্ৰশংসা কৰিছে নিৰঞ্জনৰ এই সৃষ্টিশীলতাক ৷ চাহ বাগিচাৰ যুৱক নিৰঞ্জন এতিয়া ব্যস্ত অসমত পোৱা বিভিন্ন চৰাইৰ চিত্ৰ অঁকা কাৰ্যত ৷
লগতে চাওকঃ পূৰ্বৰ পৰাই সামাজিক দুৰত্ব মানি অহা এটা সম্প্ৰদায়...