ETV Bharat / state

পথাৰত কি কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে

author img

By

Published : Jul 22, 2020, 3:10 PM IST

ৰাজ্যত এতিয়া এফালে কৰ'ণা মহামাৰীৰ কালৰূপ আনফালে বানৰ সংহাৰী ৰূপ ধাৰণ তাৰ মাজতো পথাৰত ব্যস্ত চহা কৃষক ৷ বুধবাৰে ব্যতিক্ৰমী ৰূপত দেখা গ'ল সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণক ৷

as-a-farmer-all-assam-moran-student-union-prseident-arunjyoti-moran-at-tinisukia
পথাৰত কি কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে

তিনিচুকীয়া,22 জুলাইঃ মহামাৰী কৰ'ণাকো নেওচি আপোন পথাৰত সোণ গুটিৰে উপচাই পেলাবলৈ শাওণৰ পথাৰত এতিয়া ব্যস্ত হৈ পৰিছে চহা কৃষক। অসমৰ বিভিন্ন প্ৰান্তৰ গাঁও সমূহত কৃষক সকল এতিয়া পথাৰত হাল বোৱা,কঠিয়া ৰোৱা আদি কামত ব্যস্ত ৷ বুধবাৰে সাংগঠনিক ব্যস্ততাৰ মাজতে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ মতাপুং গাঁৱৰ পথাৰত নামিলে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণ ৷

কৃষকৰ সমানে সমানে হাল বোৱা,কঠিয়া বুলোৱা আদি কামত পুৱাৰে পৰা ব্যস্ত হৈ পৰিল মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি গৰাকী । সমান্তৰাল ভাৱে এটা জাতি আগবাঢ়ি যাবলৈ হ'লে পথাৰ আৰু বজাৰ নিজৰ দখলত থাকিব লাগিব বুলিও মন্তব্য কৰে অৰুণ জ্যোতি মৰাণে আৰু জৈৱিক পদ্ধতিৰে কৃষি কৰি বিশ্বৰ বজাৰৰ সৈতে প্ৰতিযোগিতা নামিবলৈ প্ৰস্তুত হ'বলৈও আহ্বান জনায় কৃষক সকলক ৷ ইয়াৰোপৰি কৃষি কৰ্ম কৰিলেহে দেশৰ অৰ্থনীতি সমৃদ্ধিশালী হ'ব বুলিও উল্লেখ কৰে সভাপতি অৰুণজ্যোতি মৰাণে ৷

লগতে পঢ়কঃ কাঠাখাল নৈ'ৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.