ETV Bharat / state

Animal Husbandry Training: তিনিচুকীয়াত পশুপালনৰ প্ৰশিক্ষণ কাৰ্যসূচী

তিনিচুকীয়াত জিলা প্ৰশাসন আৰু মটক সংগঠনৰ উদ্যোগত পশুপালন প্ৰশিক্ষণ আৰু চেক্ বিতৰণ কাৰ্যসূচী ৷ জিলাখনৰ 350 টা হিতাধিকাৰী গোটক লৈ আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত গোটসমূহৰ মাজত এক লাখকৈ টকাৰ চেক্ বিতৰণ কৰা হয় । তিনিচুকীয়া জিলা প্ৰশাসন আৰু মটক জনগোষ্ঠীৰ মূল সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এই কৰ্মশালা (Animal Husbandry Training in Tinisukia) ৷

author img

By

Published : Mar 19, 2023, 12:53 PM IST

Animal Husbandry Training in Tinisukia
তিনিচুকীয়াত পশুপালনৰ প্ৰশিক্ষণ
তিনিচুকীয়াত পশুপালনৰ প্ৰশিক্ষণ কাৰ্যসূচী

তিনিচুকীয়া, ১৯ মাৰ্চ : তিনিচুকীয়াত জিলা প্ৰশাসন আৰু মটক সংগঠনৰ উদ্যোগত পশুপালন প্ৰশিক্ষণ আৰু চেক্ বিতৰণ কাৰ্যসূচী৷ তিনিচুকীয়া জিলা প্ৰশাসন আৰু মটক জনগোষ্ঠীৰ মূল সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এক পশু পালন সম্পৰ্কীয় কৰ্মশালা ৷ 18 মাৰ্চ, শনিবাৰে বৰগুৰিস্থিত সংগঠন কেইটাৰ মুখ্য কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই প্ৰশিক্ষণ কাৰ্যসূচীৰ (Animal Husbandry Training in Tinisukia) ।

কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত সুশান্ত দত্তই । প্ৰশিক্ষণ প্ৰদান কৰে পশু চিকিৎসকদ্বয় ডাঃ মানস প্ৰতীম ঠাকুৰীয়া আৰু ডাঃ ৰবী শংকৰ চৌধুৰীয়ে । জিলাখনৰ 350 টা হিতাধিকাৰী গোটক লৈ আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত গোটসমূহৰ মাজত এক লাখকৈ টকাৰ চেক্ বিতৰণ কৰা হয় (Cheque distribution in Tinisukia) ।

এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জিলা বিষয়া ডাঃ ৰূপজিৎ কাকতি, মটক স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, উপাধ্যক্ষ দেৱৰ্ষি চেতিয়া, সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই, সম্পাদক কিৰণ ৰাজখোৱাৰ লগতে সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই, উপদেষ্টা কুলদ্বীপ গোহাঁই, সম্পাদক স্বৰূপ গোহাঁই, সদৌ অসম মটক মহিলা পৰিষদৰ সম্পাদিকা পূৰৱী খনিকৰ উপস্থিত থাকে (Matak Autonomous Council) ৷ অনুষ্ঠানত নিৰ্বাচিত গোটসমূহক তেওঁলোকে লাভ কৰা পুঁজিৰে স্বৱলম্বীতাৰ নিৰ্দশন দাঙি ধৰিবলৈ আহ্বান জনায় অতিথি সকলে (Animal husbandry training organized by Matak organization)।

উল্লেখ্য যে, অসম চৰকাৰে ইতিমধ্যে মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে 125 কোটি টকাৰ এককালীন বিশেষ পেকেজ ঘোষণা কৰিছে আৰু ইয়াৰে অংশ স্বৰূপে শনিবাৰে তিনিচুকীয়া জিলাত হিতাধিকাৰীৰ প্ৰশিক্ষণ আৰু চেক্ বিতৰণ কাৰ্যসূচী মুকলি কৰা হয় ।এইসন্দৰ্ভত সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱাই ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে আৰু এই 125 কোটি টকাৰ পুঁজিৰে নিশ্চয়কৈ মটক জনগোষ্ঠীটোৰ লোকসকল কিছু হ’লেও আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে ৷ লগতে মটক জনগোষ্ঠীৰ গ্ৰামাঞ্চলত যিসকল দৰিদ্ৰ লোক আছে আৰ্থিকভাৱে যাতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে বাবেই এই প্ৰচেষ্টা চলোৱা হৈছে বুলি মন্তব্য কৰে তেওঁ ৷

এই পুঁজিৰ জৰিয়তে ইতিমধ্যে 350 টা গোটক এক লাখ টকাকৈ চেক প্ৰদান কৰাৰ লগতে গাহৰি, ছাগলী, হাঁহ, কুকুৰা পালন কৰিবলৈ কৰ্মশালা প্ৰদান কৰা হৈছে ৷ ইয়াৰ জৰিয়তে বহু মহিলাই পশু পালন কৰি আত্ম সংস্থাপিত হ'বলৈ সক্ষম হ’ব ৷ অনাগত দিনত যাতে মটক জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে চৰকাৰে আৰু অধিক পুঁজি যোগান ধৰি উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে উদ্যোগক্তা সকলে ৷

লগতে পঢ়ক: Chakradhar Gogoi Budget Reaction: বাজেটক লৈ অত্যন্ত আশাবাদী বিধায়ক চক্ৰধৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.