ETV Bharat / state

বিজেপিক ৰোধিবলৈ আঞ্চলিক দলসমূহৰ লগ লাগিব আঞ্চলিক গণ মৰ্চা

author img

By

Published : Oct 17, 2020, 11:22 AM IST

শুকুৰবাৰে তিনিচুকীয়াৰ বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহাবিদ্যালয়ত আঞ্চলিক গণ মৰ্চাৰ মুকলি সভা আয়োজন ৷ সভাত গণ মৰ্চাৰ মুখ্য আহ্বায়ক তথা সাংসদ অজিত ভূঞাকে ধৰি দলটোৰ কৰ্মকৰ্তাসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

Anchalik Gana marcha open meeting
বিজেপিক প্ৰতিহত কৰিবলৈ আঞ্চলিক দলসমূহৰ সৈতে একেলগ আঞ্চলিক গণ মৰ্চা

তিনিচুকীয়া,17 অক্টোবৰ : সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত কেইবাটাও আঞ্চলিক দল ভূমিষ্ঠ হৈছে । সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঢ় লৈ উঠা আঞ্চলিক গণ মৰ্চাই শুকুৰবাৰে তিনিচুকীয়াৰ বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহাবিদ্যালয়ত এক মুকলি সভা অনুষ্ঠিত কৰি ঐতিহাসিক অসম চুক্তিকে ধৰি বিভিন্ন বিষয়ক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰতিহত কৰাৰ লগতে চৰকাৰৰ জনবিৰোধী নীতি-পদক্ষেপৰ বিৰুদ্ধে সকলো প্ৰগতিশীল আঞ্চলিক আৰু ধৰ্মনিৰপেক্ষ দল সংগঠনৰ ঐক্যবদ্ধ সংগ্ৰামৰ সংকল্পেৰে আঞ্চলিক গণ মৰ্চাৰ দ্বাৰা সুস্থ গণতান্ত্ৰিক,প্ৰগতিশীল জাতীয়তাবাদী আৰু বৈজ্ঞানিক সমাজবাদক মূল আদৰ্শ হিচাপে লৈ সকলো আঞ্চলিকতাবাদী শক্তি একেলগ হোৱাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত কৰা হয় ।

মুকলি সভাখনত সাংসদ অজিত ভূঞাৰ সৈতে উপস্থিত থাকে আঞ্চলিক গণ মৰ্চাৰ কেন্দ্ৰীয় সমন্বয়ক মঞ্জিৎ মহন্ত,আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক লাচিত বৰদলৈ,গণ মৰ্চাৰ কেন্দ্ৰীয় সদস্য ৰাচেল হুছেইনৰ লগতে জিলাখনৰ শতাধিক সচেতন ব্যক্তি ।

লগতে পঢ়ক : এছ আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত পি কে দত্তৰ জবানবন্দী গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.