তিনিচুকীয়া, 21 অক্টোবৰ : তিনিচুকীয়াত পুনৰ ভাৰতীয় সেনাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰৰ অভিযোগ যুৱতীৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীয়ে তিনিচুকীয়া সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷
অভিযোগ অনুসৰি, বুধবাৰে সন্ধিয়া দিনজান সেনা চাউনীৰ এগৰাকী জোৱানে স্থানীয় এখন দোকানত সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ লগতে নানান অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে । পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালটোৱে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰি ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে ৷
উল্লেখ্য যে, যি সময়ত দেশত নাৰী সুৰক্ষাৰ কথা বাবে বাৰে বাৰে দাবী উত্থাপন হৈ অহিছে তেনে সময়ত তিনিচুকীয়াৰ দিনজানত সেনা জোৱানে মহিলাক অশালীন ব্যৱহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্র দিনজান অঞ্চলত ।
লগতে পঢ়ক : সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ ‘ৰোকা’